thumbnail

By

Published : Jun 16, 2021, 11:46 AM IST

ETV Bharat / Videos

নাও য’ত যাতায়াতৰ অন্তিম ভৰসা...

বান আৰু খহনীয়াত সৰ্বস্বান্ত হৈ পৰিছে আমগুৰি সমষ্টিৰ ৰূপহীমুখ অঞ্চল ৷ এই দুৰ্যোগৰ প্ৰকোপত সম্প্ৰতি বহিঃবিশ্বৰ সৈতে সংযোগ বিচ্ছিন্ন হৈ পৰিছে অঞ্চলবাসী ৰাইজ । বিগত বৰ্ষৰ লুইতৰ কালৰূপী বানে ৰূপহীমুখক দুটা খণ্ডত ভাগ কৰে ৷ ৰূপহীমুখক দ্বি-খণ্ডিত কৰাৰ পিছতে নদীখনে সুঁতি সলোৱাৰ উপক্ৰম হোৱাৰ ফলত সম্প্ৰতি অঞ্চলবাসীৰ যাতায়াত ব্যৱস্থা বিচ্ছিন্ন হৈ উঠিছে ৷ বৰ্তমান ৰূপহীমুখৰ উক্ত ছিগা অংশৰ যাতায়াতৰ মূল ব্যৱস্থা হৈ পৰিছে একোখন হাত নাও(hand boats) । মৰণত শৰণ কৰি এখন হাত নাৱেৰে ইপাৰ-সিপাৰ হয় স্থানীয় লোকসকল । দিখৌমুখৰ পৰা ৰূপহীমুখ সংযোগী কোনো যাতায়াতৰ পথ নথকাত প্ৰসূতি অথবা ৰোগীৰ চিকিৎসাৰ দিশটোও এতিয়া ঈশ্বৰৰ ভৰষাতে চলি আছে । উপায়হীন স্থানীয় লোকসকলে বৰ্তমান বিভাগীয় মন্ত্ৰীক ৰূপহীমুখ অঞ্চল পৰিদৰ্শন কৰি এই সমস্যাৰ স্থায়ী সমাধান কৰিবলৈ দাবী জনাইছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.