ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱঃ দুখ আঁতৰিল ছয়গাঁৱৰ ককা-আইতাৰ - ETV Bharat Assam Impact
🎬 Watch Now: Feature Video
অলপ হ'লেও দুখ আঁতৰিল ককা-আইতাৰ ৷ এতিয়া আৰু জীৱন কটাব নালাগে গোহালি সদৃশ সেই ঘৰটোত ৷ জীৱনৰ বিয়লি বেলাত যেন সুখৰ ৰান্ধনি বেলিয়ে এচমকা পোহৰ সিঁচি দিছে ককা-আইতাৰ মুখত ৷ প্ৰায় 20 বছৰ ধৰি এনেদৰেই এটা উৰুখা পঁজাত জীৱন কটাই আহিছিল প্ৰফুল্ল দাস আৰু ৰতিমা দাসৰ দম্পতীয়ে ৷ শীত নিবাৰণৰ বাবেও নাছিল বস্ত্ৰ, নাছিল পেটৰ ভোক নিবাৰণলৈয়ো পৰ্যাপ্ত খাদ্য ৷ আছিল মাথো দুখ-যন্ত্ৰণা আৰু দুয়োজনৰ মাজৰ অবুজ প্ৰেম ৷ ইটিভি ভাৰতৰ বাতৰি প্ৰচাৰৰ পিচতে একাংশ হৃদয়বান যুৱকৰ লগতে 'মানুহে মানুহৰ বাবে', 'আই টি গ্ৰুপ' আৰু 'চাগ্গাম গ্ৰুপ' নামৰ সংস্থাটোৱেও সহায়ৰ হাত আগবঢ়ায় ককা-আইতাহালক ৷