ছয়গাঁৱৰ নতুন কটহী আৰু পূৱ মাকেলি গাঁৱত গৰাখহনীয়াৰ ত্ৰাস

By

Published : Jul 13, 2019, 2:12 PM IST

thumbnail

ছয়গাঁও, ১৩ জুলাই: ছয়গাঁৱৰ নিকটৱৰ্তী নতুন কটহী আৰু পূৱ মাকেলি গাঁৱত অব্যাহত আছে কলহী নৈৰ গৰাখহনীয়া । বিগত কেবাবছৰ ধৰি অব্যাহত থকা কলহীৰ গৰাখহনীয়াৰ ফলত গাঁও দুখনৰ ৰাইজে আহ যাহ কৰা একমাত্ৰ পথটো এতিয়া কলহীৰ বুকুত বিলীন হোৱাৰ উপক্ৰম ঘটিছে । বিগত বৰ্ষৰ দৰে এইবেলিও বানপানী অহাৰ লগতে গৰাখহনীয়াও আৰম্ভ হৈছে ৷ ইতিমধ্যে গৰাখহনীয়াৰ ফলত পথটোৰ ঠায়ে ঠায়ে খহি পৰি মাত্ৰ এক-ডেৰ মিটাৰমান হে পথ বাছি আছে ৷ সেয়ে বানপানী কমিলে গৰাখহনীয়াৰ কোব বৃদ্ধি হ’ব আৰু তেতিয়াই পথছোৱা নৈৰ বুকুত বিলীন হ’ব বুলি স্থানীয় ৰাইজে আশংকা প্ৰকাশ কৰিছে । আনহাতে পথছোৱা খহি যোৱাৰ পিচত ওচৰতে বাস কৰা পৰিয়াল সমূহো গৰাখহনীয়াত পৰাৰ আশংকাত ৰাইজ শংকিত হৈ পৰিছে । বিগত পোন্ধৰ বছৰ ধৰি উক্ত অঞ্চলত গৰাখহনীয়া চলি থকাৰ লগতে গৰাখহনীয়াৰ ফলত বহু সংখ্যক মাটি নৈৰ বুকুত জাহ যোৱাৰ গৈছে । যাতায়তৰ একমাত্ৰ পথটো নৈৰ বুকুত জাহ যোৱাৰ উপক্ৰম হোৱাৰ পিচতো চৰকাৰ তথা জলসম্পদ বিভাগে অঞ্চলটোৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত অঞ্চলবাসী ক্ষোভিত হৈ পৰিছে । অভিযোগ অনুসৰি কেৱল মাজে সময়ে খহনীয়া এলেকাত বাঁহৰ বেৰ দিয়েই দায়িত্ব সামৰে বিভাগীয় কৰ্তৃপক্ষই । সেয়ে স্থানীয় ৰাইজে অতিশীঘ্ৰে অঞ্চলটোৰ গৰাখহনীয়াৰ স্থায়ী সমাধান হোৱাটো বিচাৰিছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.