ETV Bharat / state

বৰপেটাত দ্বিতীয় বাৰ্ষিক ভাওনা সমাৰোহ, প্ৰথম দিনাই হাজাৰ হাজাৰ দৰ্শকৰ সমাগম - THREE DAY BHAONA SAMAROH IN BARPETA

তিনিদিনীয়া কাৰ্যসূচীৰে বৰপেটাত অনুষ্ঠিত হৈছে দ্বিতীয় বাৰ্ষিক ভাওনা সমাৰোহ । এই ভাওনা সমাৰোহখনি উদ্বোধন কৰে অসম সাহিত্য সভাৰ উপ-সভানেত্ৰী মৃণালিনী দেৱীয়ে ।

2nd annual Bhaona ceremony is being held in Barpeta with a 3 days programme
বৰপেটাত দ্বিতীয় বাৰ্ষিক ভাওনা সমাৰোহ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 19, 2025, 12:22 PM IST

বৰপেটা: বৰপেটাত শনিবাৰৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে দ্বিতীয় বাৰ্ষিক ভাওনা সমাৰোহ । বৰপেটা শংকৰী সাংস্কৃতিক ভাওনা দলৰ উদ্যোগত আয়োজিত ভাওনা সমাৰোহত শনিবাৰে দুখন ভাওনা পৰিৱেশন কৰা হয় । ‌মথুৰাদাস বুঢ়া আতা ৰংগক্ষেত্ৰত শনিবাৰৰ প্ৰথম দিনৰ প্ৰথমখন ভাওনা ‘‘পত্নী প্ৰসাদ’’ পৰিৱেশন কৰে শংকৰ-মাধৱ নাম সমিতি দহাটী বৰপেটাই আৰু দ্বিতীয়খন ভাওনা ‘‘নাগৰাজ বাসুকী’’ পৰিৱেশন কৰে জামুগুৰিহাটৰ মূঢ়াদল সাংস্কৃতিক গোষ্ঠীয়ে ।

উল্লেখ্য যে, এই সমাৰোহত মুঠ ছখন ভাওনা পৰিৱেশিত হ'ব । দেওবাৰে দ্বিতীয় দিনৰ প্ৰথমখন ভাওনা ‘‘পাৰিজাত হৰণ’’ পৰিৱেশন কৰিব শংকৰী সাংস্কৃতিক ভাওনা দলে আৰু দ্বিতীয়খন ‘‘বৰাহৰ পৃথিৱী উদ্ধাৰ’’ ভাওনা পৰিৱেশন কৰিব মাজুলীৰ গড়মূৰৰ জয়ধ্বনি শিল্পী সমাজে ।

বৰপেটাত দ্বিতীয় বাৰ্ষিক ভাওনা সমাৰোহ (ETV Bharat Assam)

২০ জানুৱাৰীত অৰ্থাৎ সোমবাৰে সমাৰোহৰ অন্তিম দিনা পৰিৱেশিত হ'বলগীয়া প্ৰথমখন ভাওনা হ'ল বৰপেটা সত্ৰৰ ‘‘কোটোৰা খেলা’’ আৰু দ্বিতীয়খন হ'ল কলিয়াবৰ সত্ৰ মহাসভাৰ ‘‘কংস বধ’’ । এই সমাৰোহত শনিবাৰে সন্ধিয়া উদ্বোধক হিচাপে উপস্থিত থাকে অসম সাহিত্য সভাৰ উপ-সভানেত্ৰী মৃণালিনী দেৱী ।

2nd annual Bhaona ceremony is being held in Barpeta with a 3 days programme
ভাওনা সমাৰোহৰ এক দৃশ্য (ETV Bharat Assam)

ইপিনে ভাওনা চাবলৈ কালি সন্ধিয়াৰ পৰা নিশালৈকে যথেষ্ট লোকৰ সমাগম হয় । এই সমাৰোহত উপস্থিত থকা সংগীত নাটক একাডেমী বটা প্ৰাপক শিল্পী গুণীন্দ্ৰ নাথ ওজাই কয়, "বৰপেটাত ভাওনাৰ চৰ্চাই নতুন উদ্যম লাভ কৰিছে । কণ কণ ল'ৰা-ছোৱালী ভাওনাৰ ক্ষেত্ৰখনত জড়িত হৈ পৰিছে । এয়া অতি শুভ লক্ষণ । ভাওনাৰ প্ৰসাৰ আৰু প্ৰচাৰ অধিক বিস্তাৰিত হ'ব লাগে ।"

ভাওনা সমাৰোহত কণ কণ শিশু (ETV Bharat Assam)

আনহাতে ভাওনা পৰিৱেশন কৰা জামুগুৰিহাটৰ এগৰাকী শিল্পীয়ে বৰপেটাৰ এই সমাৰোহত অংশগ্ৰহণ কৰি যথেষ্ট আনন্দিত হোৱা বুলি উল্লেখ কৰে । মৃণালিনী দেৱীয়ে কয়, "অকল পাঠ্যপুথিৰ শিক্ষাই জ্ঞান আহৰণৰ শেষ নহয় । আনহাতে শিৱই নাটক আনে । গতিকে শিৱক পূজা কৰি এই ক্ষেত্ৰখনত আগবাঢ়ি যাব লাগে ।"

দ্বিতীয় বাৰ্ষিক ভাওনা সমাৰোহ (ETV Bharat Assam)

বৰপেটাৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰি যথেষ্ট সৌভাগ্য অনুভৱ কৰা বুলিও তেওঁ উল্লেখ কৰে ।

লগতে পঢ়ক: "পত্নী প্ৰসাদ" ৰে আৰম্ভ হৈ সামৰণি পৰিব "কংস বধ" ৰে - THREE DAY BHAONA SAMAROH IN BARPETA

ছিপাঝাৰত চতুৰ্দশ অংকীয়া ভাওনা সমাৰোহৰ আৰম্ভণি - Sangeet Natak Akademi Awards

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.