ডিব্ৰুগড় চাইবাৰ ক্ৰাইম চক্ৰৰ কৱলত বিশেষভাবে সক্ষম যুৱক

By

Published : Oct 10, 2021, 4:35 PM IST

thumbnail

ৰাজ্যত পুনৰ সক্ৰিয় হৈ উঠিছে চাইবাৰ ক্ৰাইম চক্ৰ । এইবাৰ চাইবাৰ ক্ৰাইমৰ কৱলত পৰিল ডিব্ৰুগড়ৰ এজন বিশেষভাবে সক্ষম যুৱক । ডিব্ৰুগড় চহৰৰ আমোলাপট্টিস্থিত গাৰ্ডপাৰাৰ মন্টু দাস নামৰ বিশেষভাৱে সক্ষম যুৱকজনৰ নামত থকা ভাৰতীয় ষ্টেট বেংকৰ আমোলাপট্টি শাখাৰ পৰা ১৯ ছেপ্তেম্বৰত দহ হাজাৰ টকাকৈ দুবাৰত উলিয়াই নিলে মুঠ ২০ হাজাৰ টকা । একাউন্টৰ পৰা ধন অন্তৰ্ধান হোৱাৰ বিষয়ত বেংক কৰ্তৃপক্ষৰ পৰা বিৱৰণ জানিব বিচৰাত নয়ডাৰ পৰা উলিয়াই নিয়াৰ তথ্য লাভ কৰে যুৱকজনে । ইফালে ঘটনা সন্দৰ্ভত মন্টু দাসে স্থানীয় আমোলাপট্টি আৰক্ষী চকীত দাখিল কৰিছে এজাহাৰ । এই পৰ্যন্ত চাইবাৰ ক্ৰাইম চক্ৰটোক চিনাক্ত কৰিব পৰা নাই আৰক্ষীয়ে । মন্টু দাসৰ বেংকৰ একাউন্টৰ পৰা ধন সৰকোৱাৰ পিছতেই মূৰে-কঁপালে হাত দিবলগীয়া হৈছে যুৱকজনে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.