thumbnail

বিদ্যুৎ কৰ্তন কৰিব যোৱা কৰ্মচাৰীক প্ৰহাৰ গ্ৰাহকৰ

By

Published : Sep 27, 2021, 8:48 PM IST

মুকালমুৱাৰ বনপুৰাত দুগৰাকী শক্তি বিভাগৰ কৰ্মচাৰীক আক্ৰমণ কৰে একাংশ উদণ্ড লোকে । বিদ্যুতৰ বিল পৰিশোধ নকৰা গ্ৰাহকৰ ঘৰত বিদ্যুৎ কৰ্তন কৰিবলৈ গৈছিল শক্তি বিভাগৰ চামতা উপ-সংমণ্ডলৰ এটা দল । বনপুৰাৰ হানিফ আলীৰ ঘৰত বিদ্যুৎ কৰ্তন কৰিবলৈ যাওঁতে দুজন কৰ্মচাৰীক আক্ৰমণ কৰে একাংশ উদণ্ড লোকে । হানিফ আলীৰ অনাদায় বিল আছিল 13538 টকা । ছাৰিফুল আলী, ইলাচ আলী, হুছেইন আলী আৰু জিয়াউৰ ৰহমান নামৰ লোক কেইজনে আক্ৰমণ কৰে বিদ্যুৎ বিভাগৰ কৰ্মচাৰী দুজনক । আক্ৰমণত আহত দুয়োগৰাকী শক্তি বিভাগৰ কৰ্মচাৰীক মুকালমুৱা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.