Land grabbing allegation: ন্যায়াধীশৰ দ্বাৰা মুখ্যমন্ত্ৰী পত্নীৰ ভূমি কেলেংকাৰীৰ তদন্তৰ দাবী - Probe demands for CM family land grabbing allegation
🎬 Watch Now: Feature Video
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ ভূমি কেলেংকাৰী(Land grabbing allegation against CM family)ৰ তদন্তৰ দাবীত বৰপেটা চহৰত বৰপেটা জিলা কংগ্ৰেছৰ প্ৰতিবাদী সমদল (Congress protest in Barpeta) ৷ কামৰূপ জিলাৰ উত্তৰ গুৱাহাটী আৰু পলাশবাৰীৰ বঙৰাত মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ নামত সংঘটিত প্ৰায় ৩০ বিঘা ভূমিৰ কেলেংকাৰীৰ অভিযোগৰ উচিত তদন্তৰ দাবীত বৰপেটা চহৰৰ মাজেৰে জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ বৃহৎ প্ৰতিবাদী সমদল উলিয়াই বৰপেটা জিলা কংগ্ৰেছে ৰাজ্যপাললৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে ৷ ভূমি কেলেংকাৰীৰ তদন্তৰ বাবে উচ্চ ন্যায়ালয়ত কৰ্মৰত এগৰাকী ন্যায়াধীশৰ দ্বাৰা তদন্ত সমিতি গঠনৰ দাবী জনায় প্ৰতিবাদীসকলে ৷