দৰং : অসমীয়া চলচ্চিত্ৰ জগতৰ বাবে এক দুঃখবৰ । ইহ সংসাৰৰ পৰা বিদায় মাগিলে অসমীয়া চলচ্চিত্ৰৰ পৰিচালক, প্ৰযোজক কুমাৰ সমৰেন্দ্ৰ নাৰায়ণ দেৱে । অসমীয়া চলচ্চিত্ৰ পৰিচালক তথা প্ৰযোজক কুমাৰ সমৰেন্দ্ৰ নাৰায়ণ দেৱ, যিগৰাকী লোকে নিজৰ গাঁঠিৰ ধন ভাঙি ৭০ দশকত অসমীয়া চলচ্চিত্ৰ, সংগীতৰ হকে কাম কৰিছিল । তেওঁৰ পৰিচলনাতে সেই সময়ত জনপ্ৰিয় হৈছিল অৰণ্য, পুতলা ঘৰ, সোণৰ হৰিণ, কাজিৰঙাৰ কাহিনী, ৰাজা, বীৰ চিলাৰায়ৰ কথা কোনে পাহৰিব আদি ছবি ।
তেওঁৰ এই ছবিবোৰৰ জড়িত হৈ সেই সময়ত অভিনেতা-অভিনেত্ৰীৰ লগতে কলা-কুশলী হিচাপে আত্মপ্ৰকাশ কৰি ৰাজ্যখনতে প্ৰতিষ্ঠিত হৈ পৰিছিল বহুজন । সেইগৰাকী মহান ব্যক্তিৰ আজি পুৱা ৪:৪৫ বজাত গুৱাহাটী মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন অৱস্থাতে পৰলোকপ্ৰাপ্তি ঘটে ।
অসমীয়া চলচ্চিত্ৰৰ জৰিয়তে আজীৱন সংস্কৃতিৰ সাধনা কৰি অহা সমৰেন্দ্ৰ নাৰায়ণ দেৱে ১৯৭১ চনত অৰণ্য ছবিখনৰ বাবে ৰাষ্ট্ৰপতিৰ পৰা উৎকৃষ্ট ৰাজ্যিক চলচ্চিত্ৰৰ বঁটা আৰু ১৯৭৬ চনত পুতলা ঘৰ ছবিখনৰ বাবে ৰাষ্ট্ৰীয় বঁটা লাভ কৰাৰ লগতে বহু সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল । এইগৰাকী ৮৪ বছৰীয়া প্ৰবীণ সাংস্কৃতিক সাধকে আজি শেষ নিশ্বাস ত্যাগ কৰে ।
বিগত এবছৰ ধৰি জটিল ৰোগত আক্ৰান্ত হৈ বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি হৈ আছিল তেওঁ । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই চিকিৎসাৰ সম্পূৰ্ণ দায়িত্ব বহন কৰাৰ লগতে অসম চলচ্চিত্ৰ উন্নয়ন নিগমৰ অধ্যক্ষ সীমান্ত শেখৰ, সাংসদ দিলীপ শইকীয়াইয়ো সহায়ৰ হাত আগবঢ়াইছিল যদিও সকলোকে আশাহত কৰি পৃথিৱীৰ মায়া এৰি তেওঁ গুচি যায় ।
ওৰেটো জীৱন সাংস্কৃতিক জগতখন তথা চলচ্চিত্ৰ জগতৰ হকে সেৱা আগবঢ়োৱা কুমাৰ সমৰেন্দ্ৰ নাৰায়ণ দেৱৰ দেহাৱসান সাংস্কৃতিক জগতৰ বাবে এক অপূৰণীয় ক্ষতি । তেওঁৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে দৰংবাসীৰ লগতে সমগ্ৰ অসমবাসী ৷