thumbnail

নৱেম্বৰৰ পৰা আৰম্ভ হ’ব মাজুলীৰ দলং নিৰ্মাণৰ কাম !

By

Published : Sep 9, 2021, 1:56 PM IST

Updated : Sep 9, 2021, 2:06 PM IST

বুধবাৰে সংঘটিত শোকাৱহ নাও দুৰ্ঘটনাৰ বুজ ল’বলৈ বৃহস্পতিবাৰে নিমাতীঘাটত উপস্থিত হয় উপস্থিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । মুখ্যমন্ত্ৰীগৰাকীয়ে এই শোকাৱহ দুৰ্ঘটনাৰ বুজ লৈ ঘটনা সন্দৰ্ভত যোৰহাট আৰক্ষী চকীত এটা ফৌজদাৰী গোচৰ ৰুজু কৰাৰ কথা জানিবলৈ দিয়ে ৷ তেওঁ লগতে, যোৰহাট-মাজুলীৰ মাজত এটা ইঞ্জিনযুক্ত ফেৰী চলাচল বৃহস্পতিবাৰৰ পৰা বন্ধ ঘোষণা কৰে ৷ ফেৰীসমূহ দুটা ইঞ্জিনলৈ ৰূপান্তৰ কৰিব বিচৰা লোকক ১০ লাখকৈ টকা দিয়াৰ কথাও ব্যক্ত কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । ইয়াৰে ৭৫ শতাংশ ৰেহাই দিয়া হ’ব ৷ তেওঁ পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক শীঘ্ৰে ব্ৰহ্মপুত্ৰত ৰপেক্স জাহাজ চলোৱাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা জানিবলৈ দিয়ে ৷ মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰা অনুসৰি, ব্ৰহ্মপুত্ৰত ডুৱ যোৱা নাওখনত মুঠ 90 গৰাকী যাত্ৰী আছিল ৷ ইয়াৰে পৰিমিতা দাস নামৰ এগৰাকী নিহত হোৱাৰ লগতে আন দুজন লোক সন্ধানহীন হৈ আছে বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীয়ে ৷ ইয়াৰ উপৰিও মাজুলীত ফেৰীসেৱা 4 খনৰ পৰা 6 খনলৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে ৷ আনহাতে মাজুলীৰ দলং নিৰ্মাণৰ কাম নৱেম্বৰৰ পৰা আৰম্ভ হ’ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে ৷ এই দলঙৰ কাম সম্পূৰ্ণ হ’বলৈ ৪ বছৰ লাগিব ।
Last Updated : Sep 9, 2021, 2:06 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.