বৰদিন উপলক্ষে গুৱাহাটীৰ গীৰ্জাতো যীশুক প্ৰাৰ্থনা - guwahati christmas
🎬 Watch Now: Feature Video
সমগ্ৰ বিশ্বতে উলহ-মালহেৰে পালন কৰা হৈছে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকৰ পবিত্ৰ বৰদিন ৷ গুৱাহাটী মহানগৰীতো ব্যাপক উচাহৰ মাজেৰে পালন কৰা হৈছে বৰদিন । ক’ভিডসৃষ্ট পৰিৱেশৰ মাজতে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে পালন কৰিছে তেওঁলোকৰ হেঁপাহৰ উৎসৱটি ৷ মহানগৰীৰ ছয়মাইলস্থিত গীৰ্জাঘৰত পুৱাৰে পৰা দেখা গ’ল বহু লোকৰ সমাগম । মম জ্বলাই যীশুক প্ৰাৰ্থনা কৰিছে খ্ৰীষ্টানসকলে ৷ কেৰলৰ ধ্বনিৰে গুঞ্জৰিত হয় গীৰ্জাঘৰৰ চৌপাশ । নতুন বছৰে যাতে সকলোৰে মাজত সুখ-শান্তি আৰু অপৰিসীম ভালপোৱা কঢ়িয়াই অনাৰ আশা কৰিছে ভক্তসকলে । ছয়মাইলস্থিত গীৰ্জাঘৰৰ পৰা সংবাদদাতা লিপিকা ডেকাৰ এক প্ৰতিবেদন...