ETV Bharat / technology

ভাৰতত মুকলি হ’ল Redmi 14C 5G - REDMI 14C 5G LAUNCHED IN INDIA

Xiaomi-এ ভাৰতত মুকলি কৰিছে এটা নতুন ফোন । এই সস্তীয়া 5G ফোনটোৰ বিষয়ে জানো আহক ---

redmi-14c-5g-launched-in-india-price-specs-and-features-details-in-assamese
ভাৰতত মুকলি হ’ল Redmi 14C 5G (Xiaomi)
author img

By ETV Bharat Tech Team

Published : Jan 6, 2025, 3:06 PM IST

হায়দৰাবাদ: Xiaomi ৰ চাব ব্ৰেণ্ড Redmi য়ে ভাৰতত মুকলি কৰিছে এটা নতুন স্মাৰ্টফোন । এই ফোনটোৰ নাম Redmi 14C 5G । চীনৰ স্মাৰ্টফোন কোম্পানী Xiaomi এ এই নতুন ফোনটো বাজেট ৰেঞ্জত মুকলি কৰিছে । এই ফোনটোৰ বিশেষ কথাটো হ’ল এই ফোনটো 10 হাজাৰ টকাৰ তলত লঞ্চ কৰা হৈছে । এই ফোনটো Redmi 13C ৰ উন্নীত সংস্কৰণ । নতুন সংস্কৰণত ব্যৱহাৰকাৰীয়ে নতুন ডিজাইন, ডাঙৰ স্ক্ৰীণ আৰু বেটাৰী, দ্ৰুত প্ৰচেছৰকে ধৰি বহু বিশেষ বৈশিষ্ট্য লাভ কৰিব । আহক আমি এই ফোনটোৰ সকলো স্পেচিফিকেশন আৰু ফিচাৰৰ লগতে দামৰ বিষয়েও জানো ---

Redmi 14C 5G ৰ স্পেচিফিকেশন আৰু বৈশিষ্ট্য

ডিছপ্লে: Redmi 14C 5G ত আছে 6.88 ইঞ্চি HD Plus পাঞ্চ হোল ডিছপ্লে, যাৰ ৰিফ্ৰেছ ৰেট 120Hz । এই ফোনটোৰ পিছফালৰ অংশত গ্লাছ বেক ডিজাইন দিয়া হৈছে ।

প্ৰচেছৰ: এই ফোনত আছে কোৱালকম স্নেপড্ৰেগন 4 জেন 2 চিপছেট ।

চফট্ ৱেৰ: এই ফোনটো Android 14 ৰ ওপৰত ভিত্তি কৰি Xiaomi HyperOS ত চলিব ।

কেমেৰা: এই ফোনত 50 MP মেইন কেমেৰা আৰু পিছফালে 2MP ছেকেণ্ডাৰী কেমেৰা আছে । ফোনটোত চেলফি আৰু ভিডিঅ’ কলিঙৰ বাবে 8MP ফ্ৰন্ট কেমেৰা আছে ।

বেটাৰী: এই ফোনত আছে 5160mAh বেটাৰী, যিটো 18W ফাষ্ট চাৰ্জিং সমৰ্থনযুক্ত । কিন্তু এই ফোনটোৰ বাকচত 33W ফাষ্ট চাৰ্জাৰ উপলব্ধ ।

অন্যান্য বৈশিষ্ট্যসমূহ: এই ফোনটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল ইয়াৰ IP52 ৰেটিং, যিয়ে ফোনটোক পানীৰ টোপাল আৰু ধূলিৰ পৰা ৰক্ষা কৰাত সহায় কৰে । এই ৰেঞ্জৰ ফোনত এই বৈশিষ্ট্য খুব কমেইহে দেখা যায় । ইয়াৰ উপৰিও ইয়াত 3.5 মিমি হেডফোন জেক, ইউএছবি টাইপ-চি পৰ্ট আদি সুবিধাও আছে ।

ফোনটোৰ দাম

কোম্পানীটোৱে এই ফোনটো তিনিটা ভেৰিয়েন্টত মুকলি কৰিছে । ইয়াৰ প্ৰথম ভেৰিয়েন্ট হৈছে 4GB + 64GB, যাৰ মূল্য 9,999 টকা ।

ইয়াৰ দ্বিতীয় ভেৰিয়েন্ট হৈছে 4GB + 128GB, যাৰ মূল্য 10,999 টকা ।

ইয়াৰ তৃতীয় ভেৰিয়েন্ট হৈছে 6GB + 128GB, যাৰ মূল্য 11,999 টকা ।

বিক্ৰী আৰু ৰং

10 জানুৱাৰীৰ পৰা এই ফোনটোৰ বিক্ৰী আৰম্ভ হ’ব । ক্ৰয় কৰিব বিচৰা লোকে এই মোবাইলটো আমাজন, ফ্লিপকাৰ্ট, ছাইঅ’মি ইণ্ডিয়াৰ অফিচিয়েল ৱেবছাইট আৰু ছাইঅ’মিৰ খুচুৰা বিপণীৰ পৰা ক্ৰয় কৰিব পাৰিব । কোম্পানীটোৱে এই ফোনটো নীলা (Starlight Blue), ক’লা (Stargaze Black) আৰু বেঙুনীয়া (Stardust Purple) ৰঙত মুকলি কৰিছে ।

Redmi 14C 5G বিকল্প

এই ফোনটোৰ বিকল্পৰ কথা ক’বলৈ গ’লে আপুনি 9,999 টকাৰ পৰা আৰম্ভ হোৱা - Moto G35, Infinix Hot 50 আৰু Tecno Spark 30C ক্ৰয় কৰাৰ কথাও ভাবিব পাৰে ।

লগতে পঢ়ক: আজি ভাৰতত মুকলি হ’ল Redmi Note 14 series

26 ছেপ্টেম্বৰত বজাৰত মুকলি হ’ব Redmi Note 14 series - Redmi Note 14 release date

উন্নত ষ্ট’ৰেজ আৰু বেটাৰীৰ ফোন ক্ৰয় কৰক 15000 তকৈও কম মূল্যত - Smartphones Under 15000

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.