হায়দৰাবাদ : গুৱাহাটীৰ পূৱ-শৰণীয়াস্থিত পবিত্ৰ কুমাৰ ডেকা আৰ্কাইভ চৌহদত ৫ জানুৱাৰীত অনুষ্ঠিত হয় এক বঁটা প্ৰদান অনুষ্ঠান ৷ বিশিষ্ট সাংবাদিক, লেখক তথা ৰূপকাৰ আলোচনীৰ প্ৰতিষ্ঠাপক সম্পাদক পবিত্ৰ কুমাৰ ডেকাৰ স্মৃতিত প্ৰদান কৰা হয় সন্মানীয় ৰূপকাৰ বঁটা ৷ এক অনাড়ম্বৰপূৰ্ণ অনুষ্ঠানত বিশিষ্ট চিত্ৰ সমালোচক তথা ৰাষ্ট্ৰীয় বঁটা বিজয়ী উৎপল দত্তক ২০২৩ আৰু বিশিষ্ট চলচ্চিত্ৰ পৰিচালক তথা মঞ্চ-চলচ্চিত্ৰ অভিনেতা সঞ্জীৱ হাজৰিকাক ২০২৪ বৰ্ষৰ বাবে ‘ৰূপকাৰ বঁটা’ প্ৰদান কৰা হয় ৷
২০১১ চনৰ পৰা পবিত্ৰ কুমাৰ ডেকা আৰ্কাইভৰ দ্বাৰা প্ৰৱৰ্তন কৰা 'ৰূপকাৰ বঁটা' অনুষ্ঠানত বহু বিশিষ্ট লোকৰ উপস্থিতিত বিশিষ্ট চিত্ৰশিল্পী চন্দন চুতীয়াই দুয়োগৰাকী বঁটা প্ৰাপককে ৰূপকাৰ বঁটা প্ৰদান কৰে ।
![roopkar cine enterprize to confer roopkar award to actor director sanjib hazarika and Prominent film critic Utpal Dutta](https://etvbharatimages.akamaized.net/etvbharat/prod-images/06-01-2025/23266058_1-5.jpg)
"বহু বিশিষ্ট লেখকৰে পৰিবেষ্টিত হৈ থকাৰ পাছতো পবিত্ৰ কুমাৰ ডেকাই আমাৰ দৰে নতুন ডেকাবোৰক মাতি আনি 'ৰূপকাৰ’ত লিখাৰ বাবে উদগনি দিছিল । ‘ৰূপকাৰ’ এখন আলোচনীয়েই নহয়, আমাৰ বাবে 'ৰূপকাৰ' আছিল সাংস্কৃতিক সাংবাদিকতা শিকাৰ বিদ্যালয় ৷" ৰূপকাৰ বঁটা গ্ৰহণ কৰি এইদৰে মন্তব্য কৰে লেখক, চলচ্চিত্র নিৰ্মাতা উৎপল দত্তই ৷
![roopkar cine enterprize to confer roopkar award to actor director sanjib hazarika and Prominent film critic Utpal Dutta](https://etvbharatimages.akamaized.net/etvbharat/prod-images/06-01-2025/23266058_1-7.jpg)
বঁটা গ্ৰহণ কৰি অন্যতম বঁটাপ্ৰাপক চলচ্চিত্র পৰিচালক সঞ্জীৱ হাজৰিকাই সাংবাদিক পবিত্ৰ কুমাৰ ডেকাই কিদৰে 'ৰূপকাৰ'ত লিখিবলৈ উৎসাহিত কৰিছিল তাৰ স্মৃতিচাৰণ কৰে । চিত্ৰ সাংবাদিক বিদ্যুৎ কুমাৰ ভূঞাই সঞ্চালনা কৰা বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকি 'অসম বাণী' কাকতৰ সম্পাদক দিলীপ চন্দনে ছাত্ৰাৱস্থাত পবিত্ৰ কুমাৰ ডেকাৰ সান্নিধ্যলৈ আহি কিদৰে চিত্ৰ সাংবাদিক হিচাপে সাংবাদিকতাৰ জীৱন আৰম্ভ কৰিছিল তাৰ স্মৃতিচাৰণ কৰি তেওঁৰ প্ৰথমখন উপন্যাস 'মাজুলীত এতিয়া গধূলি' 'ৰূপকাৰ'ত প্ৰকাশ পোৱাৰ কথাও ব্যক্ত কৰে ।
![roopkar cine enterprize to confer roopkar award to actor director sanjib hazarika and Prominent film critic Utpal Dutta](https://etvbharatimages.akamaized.net/etvbharat/prod-images/06-01-2025/23266058_1-8.jpg)
অনুষ্ঠানত মুকাভিনেতা মইনুল হকে তেওঁ আৰু প্ৰয়াত অভিনেতা জয়ন্ত দাসে কিদৰে জীৱনত ভাল মানুহ হোৱাৰ বাবে পবিত্ৰ কুমাৰ ডেকাৰ কাষ চাপিছিল সেই বিষয়ে ৰসিকতা কৰি কয় । নাট্যকৰ্মী নয়ন প্ৰসাদে পবিত্ৰ কুমাৰ ডেকাৰ সান্নিধ্যলৈ আহি কিদৰে লিখিবলৈ ল’লে, সাংবাদিক মৃণাল কুমাৰ বৰাই পবিত্ৰ ডেকাৰ সান্নিধ্যলৈ আহি কেনেকৈ বহু বিখ্যাত লোকৰ ওচৰ চাপিবলৈ সাহস পাইছিল সেই বিষয়ে স্মৃতিচাৰণ কৰে ।
অনুষ্ঠানত ৰাণা ডেকা, নয়ন প্ৰসাদ, মইনুল হক, হেমন্ত কুমাৰ দাস, নম্ৰতা দত্ত, দিলীপ চন্দন, মৃণাল কুমাৰ বৰা, মণ্টু শইকীয়া, অমৰদ্বীপ গগৈ, হেমন্ত দেৱনাথ, জিতুমণি বৰা, ৰ'জি বৰা, ধনজিৎ দাস, হেমচন্দ্ৰ পাঠক প্ৰমুখ্যে ভালেমান গণ্য-মান্য লোক উপস্থিত থাকে ।
লগতে পঢ়ক : কণ্ঠশিল্পী ড৹ অনিমা চৌধুৰী আৰু লোকশিল্পী মুকুল ৰাভালৈ ২০২৫ বৰ্ষৰ শিল্পী বঁটা