চম্পাৱতীৰ নান্দনিক দৃশ্যই আপ্লুত কৰিছে পৰ্যটকক - চম্পাৱতী জলপ্ৰপাত
🎬 Watch Now: Feature Video
প্ৰায় 300 ফুট উচ্চতাত অৱস্থিত এটা জলপ্ৰপাত ৷ সেই জলপ্ৰপাতৰ অপৰূপ সৌন্দৰ্যই হাত বাউলি মাতিছে পৰ্যটকক ৷ চম্পাৱতী জলপ্ৰপাত ! নগাঁও চহৰৰ পৰা প্ৰায় ত্ৰিশ কিলোমিটাৰ নিলগত অৱস্থিত চাপানলাত আছে চম্পাৱতী জলপ্ৰপাত ৷ আশা-নিৰাশা, প্ৰাপ্তি-অপ্ৰাপ্তিৰ মাজেৰে পাৰ কৰা 2020 বৰ্ষক পাহৰণিৰ গৰ্ভত পেলাই নতুন বৰ্ষক সৌন্দৰ্যৰে আদৰিবলৈ এতিয়া তৎপৰ হৈ পৰিছে ৰাইজ ৷ যাৰ বাবে বছৰটোৰ দ্বিতীয়টো দিনত চাপানলাৰ এই মনোৰম পৰিৱেশৰ মাজত নিজকে বিলীন কৰাৰ প্ৰয়াস একাংশ ৰাইজৰ ৷ সেই জলপ্ৰপাতৰে জড়িত হৈ আছে একাংশ লোকবিশ্বাসো ৷ কিন্তু পৰ্যটনৰ প্ৰচুৰ সম্ভৱনা থকা চাপানলাক পৰ্যটনক্ষেত্ৰ হিচাপে গঢ় দিয়াৰ ক্ষেত্ৰত ত্ৰুটি ৰৈ গৈছে পৰ্যটন বিভাগৰ ৷