সমাগত হেঁপাহৰ ৰঙালী বিহু ৷ ধেমাজিৰ বিভিন্ন প্ৰান্তত এতিয়া ঢোল, পেঁপা লৈ বিহুৰ অনুশীলনত ব্যস্ত যুৱক-যুৱতীসকল ৷ ৰঙালীক আদৰিবলৈ ক’ৰবাত যদি আখৰা চলিছে, আন কৰবাত আকৌ কৰ্মশালাৰ আয়োজন কৰা হৈছে ৷ ধেমাজি বাটঘৰীয়া অঞ্চলৰ এখন বিশাল পথাৰত ঢোল, পেঁপা লৈ সন্ধিয়ালৈকে বিহু আখৰাত ব্যস্ত হৈ পৰা দেখা গৈছে সোণোৱাল কছাৰী যুৱক-যুৱতীসকলক ৷ উল্লেখ্য যে, বিগত বৰ্ষত কৰ’ণা মহামাৰীৰ বাবে ৰাজ্যবাসীয়ে উদযাপন কৰিব পৰা নাছিল ৰঙালী বিহু ৷ যাৰ বাবে এইবেলি দুগুণ উৎসাহেৰে ৰাজ্যবাসীয়ে আদৰিবলৈ তৎপৰ হৈছে ৰঙালীক ৷