ETV Bharat / state

কংগ্ৰেছে ৰাইজৰ দলক চাৰিবাৰ 'গাড্ডাৰী' কৰিছে: অখিল গগৈ - AKHIL GOGOI SLAMS CONGRESS

ৰাইজৰ দলৰ সভাপতিয়ে এইবাৰ চিঠি লিখিব ৰাহুল গান্ধীলৈ ।

Akhil Gogoi in Nalbari
ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 3, 2025, 9:50 PM IST

নলবাৰী :পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে এইবাৰ কংগ্ৰেছক প্ৰশ্নবানেৰে থকাসৰকা কৰিলে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে । বিগত সময়ত কংগ্ৰেছে ৰাইজৰ দলক চাৰিবাৰ 'গাড্ডাৰী' কৰা বুলি বিস্ফোৰণ ঘটাই এইবাৰ অখিল গগৈয়ে শেল এৰিছে কংগ্ৰেছলৈ । নিৰ্বাচনত কংগ্ৰেছে বিৰোধী ঐক্য়ৰ সৈতে মিত্ৰতা কৰি সময়ত লুটিবাগৰ মৰা সন্দৰ্ভত এইবাৰ ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে প্ৰশ্ন কৰিব ৰাহুল গান্ধীক ।

নলবাৰীৰ কাপলাবড়ীত শুক্ৰবাৰে ৰাইজৰ দলৰ নেতা অখিল গগৈয়ে কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ হৈ কয়," কংগ্ৰেছ দলে মিত্ৰতা বুজি নাপায় । যদি বিৰোধী ঐক্যমঞ্চ এক নহওঁ তেন্তে কোনোপধ্যে বিজেপিক শাসনৰ পৰা আতৰাব নোৱাৰে ।"

ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈ (ETV Bharat Assam)

মিত্ৰতা সন্দৰ্ভত ৰাহুল গান্ধীলৈ পত্ৰ লিখিব বুলি উল্লেখ কৰি তেওঁ কয়," মিত্ৰতাৰ নামত কংগ্ৰেছে ৰাইজৰ দলক বিশ্বাসঘাতকতা কৰিছে । কংগ্ৰেছে নিৰ্বাচন আহিলে একতাৰ বাণী বিলাই আৰু নিৰ্বাচনৰ সময়ত মিত্ৰতা ভংগ কৰে । পঞ্চায়ত নিৰ্বাচনত যদি ৰাইজৰ দলৰ লগত কংগ্ৰেছে মিত্ৰতা নকৰে তেতিয়া কংগ্ৰেছক আস্থাত নলওঁ‌ । কংগ্ৰেছে স্পষ্ট কৰিব লাগে তেওঁ‌লোক কাৰ পক্ষত থাকিব ।"

অখিল গগৈয়ে অভিযোগ উত্থাপন কৰি কয়,"বিগত '২১ ৰ বিধানসভা নিৰ্বাচনতো ৰাইজৰ দলৰ লগত কংগ্ৰেছে মিত্ৰতা স্থাপন কৰিম বুলি কৈ অৱশেষত এ আই ইউ ডি এফৰে মিত্ৰতা কৰি ৰাইজৰ দলক ঠগিছে ।"

নলবাৰীত অখিল গগৈয়ে সাংবাদিকৰ আগত মন্তব্য কৰি পুনৰ কয়," একেদৰে যোৱা '২৪ ৰ উপ-নিৰ্বাচনতো মিত্ৰতা কৰিম বুলি কৈ অকলে নিৰ্বাচন খেলি ৰাইজৰ দলক ঠগাইছে । কংগ্ৰেছ বিশ্বাসঘাতকতা কৰা দল । '২১ৰ উপ-নিৰ্বাচনত থাওৰা সমষ্টিৰ লগতে ২০২৪ ৰ লোকসভাৰ উপ-নিৰ্বাচনত যোৰহাট সমষ্টি বিচাৰিছিলো, কংগ্ৰেছে নিদিলে । তেনেকৈ বঙাইগাঁও সমষ্টিতো একেই পন্থা লৈছে । কেৱল নিৰ্বাচনৰ আগত মিত্ৰতা কৰিম বুলি কয় । নিৰ্বাচনৰ সময়ত এখনো আসন এৰি নিদিয়ে, যাৰ বাবে আমাৰ একতা ভাঙি যায় ।"

কংগ্ৰেছে অকল নিজৰ সংগঠন বঢ়াম বুলি পঞ্চায়ত নিৰ্বাচন খেলিব খুজিছে নে বিজেপিক অধিক আসন দিবৰ বাবে নিৰ্বাচন খেলিব খুজিছে তাক লৈ প্ৰশ্ন উত্থাপন কৰে অখিল গগৈয়ে । ২০২৬ ত বিজেপিক বিদায় দিবলৈ কংগ্ৰেছৰ মন আছেনে নিজৰ ভিতৰত লবী সৃষ্টি কৰি বিজেপিক জিকাবলৈ পঞ্চায়ত নিৰ্বাচনৰ পিছত মিত্ৰতা ভাঙিবলৈ মন সেয়া স্পষ্ট কৰিবলৈ আহ্বান জনাই ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ।

তেওঁ পুনৰ কয়,"যদি এইবাৰ পঞ্চায়তত কংগ্ৰেছে মিত্ৰতা নকৰে তেন্তে ৰাইজৰ দলৰ লগত কংগ্ৰেছে পঞ্চমবাৰলৈ 'গাড্ডাৰী' কৰা হ'ব । যদি এইবাৰো কংগ্ৰেছে বিশ্বাসঘাতকতা কৰে তেন্তে '২৬ ত ৰাইজৰ দলে কংগ্ৰেছৰ লগত কোনো মিত্ৰতাৰ ইচ্ছা নকৰে ।"

লগতে পঢ়ক:২০ হাজাৰ মহিলাক লৈ অখিল গগৈ কিয় যাব হিমন্ত বিশ্ব শৰ্মাৰ ঘৰলৈ ? - RAIJOR DAL JOINING PROGRAMME

ছিক্সলৈকে পঢ়া মানুহে মন্ত্ৰী হৈ কি কৰিব ? কাৰ কথা ক'লে অখিল গগৈয়ে - AKHIL GOGOI SLAMS PRASANTA PHUKAN

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.