ETV Bharat / state

অসম গ্রন্থমেলাত আঠ দিনত বিক্রী ৪ কোটি টকাৰ কিতাপ - ASSAM BOOK FAIR

লোকাৰণ্য হৈ পৰিছে খানাপাৰা পশু চিকিৎসা মহবিদ্যালয় খেলপথাৰত আয়োজন কৰা অসম গ্ৰন্থমেলাৰ বাকৰি ।

ASSAM BOOK FAIR
অসম গ্রন্থমেলাত মন পচন্দৰ কিতাপ বিচাৰিছে ক্ৰেতাই (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 3, 2025, 10:17 PM IST

গুৱাহাটী: অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌথভাৱে আয়োজন কৰা অসম গ্ৰন্থমেলাৰ আজি অষ্টম দিনতো গ্ৰন্থপ্ৰেমীৰ যথেষ্ঠ ভিৰ হয় ।

অষ্টম দিনত গ্ৰন্থমেলাৰ বাকৰি লেখক-পাঠকৰ আড্ডাই উমাল কৰি ৰাখে । খানাপাৰাস্থিত অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰ যেন ভাষা-সাহিত্য-সংস্কৃতিৰ এক পীঠস্থানলৈ ৰূপান্তৰিত হৈছে ! প্ৰতিদিনে বিপণিত পঢ়ুৱৈৰ ভিৰে প্রকাশন গোষ্ঠীসমূহকো বাৰুকৈয়ে উৎসাহিত কৰিছে ।

অসম গ্রন্থমেলাত মন পচন্দৰ কিতাপ বিচাৰিছে ক্ৰেতাই (ETV Bharat Assam)

২৭ ডিচেম্বৰৰ পৰা আজি পর্যন্ত 'অসম গ্রন্থমেলা, গুৱাহাটী'ত আঠ দিনত প্ৰায় ৪ কোটি টকাৰ কিতাপ বিক্রী হোৱা বুলি সদৰী কৰিছে উদ্যোক্তাসকলে । ইফালে, গ্ৰন্থমেলাত আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহি উপস্থিত হয় গ্ৰন্থপ্ৰেমী । তেজপুৰৰ পৰা অহা এগৰাকী গ্ৰন্থপ্ৰেমীয়ে কয়, "মনে বিচৰা কিতাপখন কিনিবলৈ প্ৰতিবছৰে ৰৈ থাকো অসম গ্ৰন্থমেলালৈ । সেয়েহে বিচৰা কিতাপখিনি লৈছো । তেজপুৰত গ্ৰন্থমেলা নহয় বাবে প্ৰতি বছৰে ৰৈ থাকো অসম গ্ৰন্থমেলালৈ ।"

স্থান সলনি হ'লেও হ্ৰাস পোৱা নাই ক্ৰেতা :

স্থান হেৰালে মান হেৰাই বুলি অসমীয়াত এষাৰ প্ৰৱচন আছে । কিন্তু এই কথাষাৰ ভুল বুলি প্রতিপন্ন কৰিছে এইবাৰৰ গ্ৰন্থমেলাই । কিয়নো প্ৰতিবছৰে চান্দমাৰীৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয় খেলপথাৰত অনুস্থিত হৈছিল অসম গ্ৰন্থমেলা । ইয়াৰ পূৰ্বে গ্ৰন্থমেলাৰ স্থান আছিল জজ খেলপথাৰ ৷ কিন্তু এইবাৰ চান্দমাৰীত উৰণসেতু নিৰ্মাণৰ বাবে খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহবিদ্যালয় খেলপথাৰত অনুষ্ঠিত কৰা হৈছে । স্থান সলনি হ'লেও যেন গ্ৰন্থমেলাত কোনো বিশেষ প্ৰভাৱ পৰা নাই । বৰঞ্চ যাতায়াত, পাৰ্কিং আদি সকলো দিশৰ পৰা সুবিধা হোৱা বুলিহে মত পোষণ কৰিছে গ্ৰন্থপ্ৰেমীয়ে ।

ইপিনে, আজি গ্ৰন্থমেলাৰ কাৰ্যসূচী অনুসৰি বিয়লি ১ বজাত অনুষ্ঠিত হয় 'লেখক-পাঠকৰ সমাৰোহ' ৷ এই সমাৰোহখন উদ্বোধন কৰে বড়ো সাহিত্য সভাৰ উপ-সভাপতি প্ৰশান্ত বড়োৱে । বিয়লি ৩ বজাৰ পৰা অনুস্থিত হয় 'সাহিত্য আৰু কৃত্ৰিম বুদ্ধিমত্তা: প্ৰত্যাহ্বান আৰু সম্ভাৱনা' বিষয়ক আলোচনা সত্ৰ ৷ এই আলোচনা সত্ৰ উদ্বোধন কৰে ড৹ ছাইদুল ইছলামে ।

'সর্বগুণাকৰ' উন্মোচন :

আনহাতে, গ্ৰন্থমেলাৰ শশী ফুকন সোঁৱৰণী প্রেক্ষাগৃহত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মহাজীৱনৰ আধাৰত পদ্মশ্রী অৰূপ কুমাৰ দত্তই ৰচনা কৰা "Saint Saviour Soul Society" শীর্ষক গ্ৰন্থৰ অসমীয়া ভাঙনি সংস্কৰণ 'সর্বগুণাকৰ' উন্মোচন কৰা হয় । বন্দিতা ফুকনে অনুবাদ কৰা গ্ৰন্থখন উন্মোচন কৰে আউনীআটী সত্রৰ সত্ৰাধিকাৰ ড৹ পীতাম্বৰ দেৱগোস্বামীয়ে । উক্ত অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট লেখক-সাংবাদিক তথা ক'হিমা বিশ্ববিদ্যালয়ৰ আচাৰ্য ড৹ সমুদ্রগুপ্ত কাশ্যপ, সাহিত্য অকাডেমি বঁটাপ্রাপক অনুৰাধা শৰ্মা পূজাৰীৰ উপৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি ।

লগতে পঢ়ক:বিপণিত হেঁপাহৰ গ্ৰন্থখন বিচাৰি গ্ৰন্থপ্ৰেমীৰ ভিৰ - ASSAM BOOK FAIR

সৰলভাৱেই মানুহৰ কথা-কাহিনী ক'বলৈ চেষ্টা কৰিছো: য়েছে দৰজে ঠংচি - ASSAM BOOK FAIR

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.