ETV Bharat / state

'হাড়গিলা বাইদেউ'লৈ আন এক আন্তঃৰাষ্ট্ৰীয় সন্মান - TIMES 2025 WOMEN OF THE YEAR

অসমৰ বাবে আন এক গৌৰৱৰ খবৰ । টাইম আলোচনীৰ 'উইমেন অব দ্য ইয়েৰ'ৰ সন্মান লাভ কৰিলে অসম সন্তান ড৹ পূৰ্ণিমা দেৱী বৰ্মনে ।

TIMES 2025 WOMEN OF THE YEAR
'হাড়গিলা বাইদেউ'লৈ আন এক আন্তঃৰাষ্ট্ৰীয় সন্মান (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Feb 21, 2025, 2:41 PM IST

গুৱাহাটী : ২০২৫ চনৰ আৰম্ভণিতে অসমৰ বাবে গৌৰৱৰ খবৰ । বিলুপ্তপ্ৰায় হাড়গিলা সংৰক্ষণৰ দ্বাৰা বিশ্বজুৰি সমাদৰ লাভ কৰা ভাৰতীয় জীৱবিজ্ঞানী তথা অসম সন্তান ড৹ পূৰ্ণিমা দেৱী বৰ্মনলৈ বিশেষ সন্মান 'টাইম' আলোচনীৰ । টাইম আলোচনীয়ে এই বছৰৰ 'উইমেন অব দ্য ইয়েৰ'ৰ সন্মান প্ৰদান কৰিছে বিশিষ্ট প্ৰকৃতিপ্ৰেমীগৰাকীক ।

ড৹ পূৰ্ণিমা দেৱী বৰ্মনক 'উইমেন অব দ্য ইয়েৰ'ৰ সন্মান

বৃহস্পতিবাৰে প্ৰকাশিত টাইমছ উইমেন অব দ্য ইয়েৰ ২০২৫ৰ তালিকাত স্থান লাভ কৰা ৪৫ বছৰীয়া ড৹ পূৰ্ণিমা দেৱী বৰ্মন হৈছে সেই তালিকাত থকা একমাত্ৰ ভাৰতীয় মহিলা । ১৩ গৰাকী মহিলাৰ তালিকাত বলীউডৰ অভিনেত্ৰী নিকোল কিডমেন আৰু গিছেল পেলিকটও অন্তৰ্ভুক্ত আছে । ফ্ৰান্সৰ গিছেল পেলিকট হৈছে যৌন হিংসাৰ বিৰুদ্ধে বিশ্বজুৰি অভিযান চলোৱা বিশিষ্ট সমাজকৰ্মী । টাইম আলোচনীখনৰ ২০২৫ চনৰ ২০ ফেব্ৰুৱাৰীৰ সংখ্যাত অসম সন্তান ড৹ পূৰ্ণিমা দেৱী বৰ্মন আৰু তেওঁৰ কৰ্মৰাজি সম্পৰ্কে বিশেষ প্ৰতিবেদন প্ৰকাশ পাইছে । যিবোৰে হাড়গিলাৰ সুৰক্ষা আৰু পৰিৱেশ তন্ত্ৰত ইয়াৰ গুৰুত্ব সম্পৰ্কে সজাগতা বৃদ্ধি কৰি আহিছে ।

টাইম আলোচনী কৰ্তৃপক্ষই এই সন্মান সন্দৰ্ভত কয় যে উইমেন অব দ্য ইয়েৰ তালিকা প্ৰস্তুত কৰাৰ পূৰ্বে আমি নিজকে একেটা প্ৰশ্ন কৰিছিলো: বৰ্তমান বিশ্বজুৰি মহিলা তথা নাৰীয়ে সন্মুখীন হোৱা আটাইতকৈ গুৰুত্বপূৰ্ণ সমস্যাবোৰ কি ? লিংগভিত্তিক হিংসা আৰু মহিলাৰ অধিকাৰৰ ওপৰত আক্ৰমণ । বিভিন্ন পৰিস্থিতিত হোৱা এই আক্ৰমণ প্ৰত্যাহ্বানমূলক । কিন্তু সকলো ক্ষেত্ৰতে সেই ভাবুকি বিলাক বিচাৰি পোৱা যায়, সেয়েহে নেতাসকলেও পৰিৱৰ্তনৰ বাবে জোৰ দিব পাৰে । এই বছৰৰ তালিকাত থকা ১৩ গৰাকী মহিলাই নিজাববীয়াকৈ এক উন্নত, অধিক ন্যায়সঙ্গত পৃথিৱী গঢ়ি তোলাৰ দিশত কাম কৰি আছে ।"

উল্লেখ্য যে বিলুপ্তপ্ৰায় হাড়গিলাৰ সংৰক্ষণৰ বাবে কেৱল অসমতে নহয় বিশ্বজুৰি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে ড৹ পূৰ্ণিমা দেৱী বৰ্মনে । যাৰ বাবে বৰ্তমান সময়ত অসমৰ বহু অঞ্চলৰ ৰাইজ এই ক্ষেত্ৰত সজাগ হৈছে । হাড়গিলাৰ সংখ্যাও অসমত পূৰ্বৰ তুলনাত বৃদ্ধি হোৱা বুলি দাবী কৰা দেখা গৈছে । হাড়গিলা সংৰক্ষণৰ ক্ষেত্ৰত কাম কৰাৰ বাবে ড৹ পূৰ্ণিমা দেৱী বৰ্মনৰ এটা সংস্থাও আছে । যাক 'হাড়গিলা আৰ্মী' হিচাপে জনা যায় । য'ত প্ৰায় ২০,০০০ মহিলা সদস্য আছে । ড৹ পূৰ্ণিমা দেৱী বৰ্মন সম্পৰ্কে আলোচনীখনত লিখিছে, "তেওঁ "হাড়গিলা আৰ্মী" অবিহনে এনে কৰিব নোৱাৰিলেহেঁতেন-প্ৰায় ২০,০০০ মহিলাৰ এটা দল যি হাড়গিলাৰ বাহবোৰ সুৰক্ষিত কৰে আৰু আন লোকক এই আকৰ্ষণীয় প্ৰায় ৫ ফুট ওখ হাড়গিলাৰ সৌন্দৰ্যৰ বিষয়ে সজাগতাৰ সৃষ্টি কৰে ।"

ইফালে এই হাড়গিলা আৰ্মীৰ নেটৱৰ্কটো অসমৰ পৰা ভাৰতৰ বিভিন্ন প্ৰান্তলৈ আৰু এতিয়া কম্বোডিয়ালৈও সম্প্ৰসাৰিত হৈছে । ফ্ৰান্সৰ দূৰৱৰ্তী বিদ্যালয়সমূহতো শিক্ষাৰ্থীসকলক ড৹ পূৰ্ণিমা দেৱী বৰ্মনৰ অৱদানৰ বিষয়ে শিকোৱা হৈছে । এই ক্ষেত্ৰত টাইম আলোচনীত লিখিছে, "আজি বৰ্মনে গৌৰৱেৰে তেওঁৰ পৰম্পৰাগত পোছাক আৰু শ্বলখন পৰিধান কৰে । হাড়গিলা ছবিৰে সজ্জিত যি পোছাক তেওঁৰ হাড়গিলা আৰ্মীৰ সদস্যসকলে প্ৰস্তুত কৰিছে । এনে সামগ্ৰী বিক্ৰী কৰি তেওঁলোকে উপাৰ্জন কৰিবলৈও সক্ষম হৈছে ।"

পূৰ্ণিমা দেৱী বৰ্মনৰ প্ৰতিক্ৰিয়া

টাইম আলোচনীয়ে ঘোষণা কৰা এই সন্মান সন্দৰ্ভত ড৹ পূৰ্ণিমা দেৱী বৰ্মনে ইটিভি ভাৰতক কয়, "২০২৫ চনৰ উইমেন অব দ্য ইয়েৰৰ তালিকাত স্থান পাই মই অত্যন্ত সুখী । মোক কেইদিনমান আগতে জনোৱা হৈছিল যে ২০২৫ চনৰ উইমেন অব দ্য ইয়েৰ বঁটাৰ বাবে মোৰ নাম বাছনি কৰা হৈছে । মই টাইম আলোচনীখনৰ সম্পাদকৰ পৰা এটা ইমেইল পাইছিলো আৰু মই ইয়াক সঁচা বুলি বিশ্বাস কৰিবও পৰা নাছিলো । তেওঁলোকে মোৰ সৈতে এটা সাক্ষাৎকাৰ বিচাৰিছিল আৰু মই অনিচ্ছা স্বত্বেও তেওঁলোকৰ মেইলৰ উত্তৰ দিছিলো, বিশ্বাস কৰা নাছিলো যে এয়া সঁচাকৈয়ে টাইম আলোচনী । কিন্তু এয়া সঁচা হ'ল । মই বহুত সুখী ।" তেওঁ লগতে কয়,"মই মাত্ৰ দুদিন আগতে টাইম আলোচনীৰ পৰা আনুষ্ঠানিক পত্ৰ লাভ কৰিছো আৰু ২৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগীয়া বিশাল সম্বৰ্ধনা কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ মই লছ এঞ্জেলছলৈ গৈ আছো ।"

উল্লেখ্য যে ড৹ পূৰ্ণিমাই সৰুৰে পৰা পৰিৱেশ সংৰক্ষণৰ বাবে কাম কৰি আহিছে, কিন্তু ২০০৭ চনৰ পৰা হাড়গিলাৰ সংৰক্ষণৰ কামত তেওঁ জড়িত হৈ পৰে । তেওঁ উদ্দেশ্য মূলতঃ হাড়গিলাৰ সংৰক্ষণ আৰু সুৰক্ষাৰ বিষয়ে লোকসকলক সজাগ কৰা ।" তেওঁ কয়,"এয়া সামগ্ৰিকভাৱে অসম আৰু ভাৰতৰ বাবে এটা ভাল খবৰ । টাইম আলোচনীৰ স্বীকৃতিয়ে অসম, ভাৰত, কম্বোডিয়া আৰু ফ্ৰান্সত ইয়াৰ সংৰক্ষণ আৰু সুৰক্ষা বৃদ্ধি কৰিব ।" তেওঁ উল্লেখ কৰা মতে তেওঁলোকে হাড়গিলাৰ সংৰক্ষণৰ বাবে কম্বোডিয়াতো কাম আৰম্ভ কৰিছে । তেওঁ কয় যে বিশ্বত এতিয়া হাড়গিলাৰ সংখ্যা প্ৰায় ৩০০০ । ২০৩৫ চনলৈ ইয়াৰ সংখ্যা ৫০০০ৰ পৰা ১০,০০০ লৈ বৃদ্ধি কৰাৰ বাবে এক অভিযান আৰম্ভ কৰিছে ।

লগতে পঢ়ক :বাৰ্লিনত প্ৰদৰ্শিত হ’ল ৰীমা দাসৰ ‘ভিলেজ ৰকষ্টাৰ ২’ - RIMA DAS VILLAGE ROCKSTAR 2

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.