গুৱাহাটী: অসম বিধানসভাৰ বাজেট অধিবেশনৰ আজি চতুৰ্থ দিনা সাংসদ ৰকিবুল হুছেইনৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাক কেন্দ্ৰ কৰি কংগ্ৰেছৰ বিধায়কসকলে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে । অধিবেশন আৰম্ভ হোৱাৰ পূৰ্বে কংগ্ৰেছৰ বিধায়কসকলে হাতে হাতে প্লে'কাৰ্ড লৈ উক্ত ঘটনাৰ তীব্ৰ প্ৰতিবাদ জনাই বিধানসভা চৌহদত বিক্ষোভ প্ৰদৰ্শন কৰে । তেওঁলোকে চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰাৰ লগতে দোষীক কৰায়ত্ত কৰি উপযুক্ত শাস্তি বিহাৰ দাবী উত্থাপন কৰে ।
এই সন্দৰ্ভত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয়, "সাংসদ ৰকিবুল হুছেইনৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাক আমি কঠোৰ ভাষাৰে নিন্দা কৰিছো । কিবা অসুবিধা হ'ব পাৰে বুলি তথ্য থকাৰ পিছতো আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে । আগতেও সেই অঞ্চলত উত্তেজনা হৈছিল । ৰাইজৰ প্ৰতিনিধিৰ চলাচলত বাধা প্ৰদান কৰিব বিচৰা হৈছে । বিৰোধী দলৰ বিৰুদ্ধে চৰকাৰৰ এনে স্থিতিক আমি গৰিহণা দিছো । আমি এই ঘটনাৰ বাবে সদনত সভা স্থগিতৰ প্ৰস্তাৱ আনিম ।"
উল্লেখ্য যে, ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনক আক্ৰমণ কৰা ঘটনাই ৰাজ্যজুৰি ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে । বৃহস্পতিবাৰে নগাঁৱৰ ৰূপহীত সাংসদ ৰকিবুল হুছেইনৰ লগতে তেওঁৰ পুত্ৰৰ ওপৰত মুখত কলা কাপোৰ বান্ধি অহা দুৰ্বৃত্তই ভয়ংকৰ আক্ৰমণ কৰিছিল । অসম বিধানসভাৰ অধিৱেশন চলি থকাৰ সময়তে সংঘটিত হোৱা এই ঘটনাই ৰাজনৈতিক মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । বিৰোধী দলসমূহে এই ঘটনাক কঠোৰ ভাষাৰে নিন্দা কৰিছে ।
ইয়াৰোপৰি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই সংবাদ মাধ্যমৰ আগত কয়, "ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনক ৰাজপথত শাৰীৰিকভাৱে আক্ৰমণ কৰা হয় । দৌৰি দৌৰি তেওঁ নিজৰ প্ৰাণ ৰক্ষা কৰিবলগীয়া হয় । এই ঘটনা হৈছে গণতন্ত্রক দুৰ্বল কৰাৰ বিজেপিৰ চক্ৰান্ত । বিজেপিৰ অপশাসনৰ বিৰুদ্ধে যাতে কংগ্ৰেছে জনমত গঠন কৰিব নোৱাৰে তাৰ বাবে চৰকাৰে চক্ৰান্ত কৰিছে । কালি সদনত ঘটনা সন্দৰ্ভত মুখ্যমন্ত্রীয়ে দুখ প্ৰকাশ কৰা নাই। বৰং দায়সৰা মন্তব্য কৰিছে মুখ্যমন্ত্রীয়ে ।"
তেওঁ লগতে কয়, "এইটো গণতন্ত্রৰ বাবে দুৰ্ভাগজনক । ৰকিবুল হুছেইনে কাৰ্যসূচীৰ বিষয়ে আগতীয়াকৈ জনোৱাৰ পিছতো আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ নকৰিলে । ইয়াৰ আঁৰত চৰকাৰী ষড়যন্ত্র থাকিব পাৰে বুলি আমি অনুমান কৰিছোঁ । আমি গোটেই বিষয়টো আলোচনা কৰাৰ বাবে সভা স্থগিতৰ প্ৰস্তাৱ আনিছো আৰু অধ্যক্ষই সভা স্থগিত কৰিছে ।"
ইফালে এই ঘটনাক লৈ কিছুসময় পূৰ্বে সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া ব্যক্ত কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । অভিযুক্তৰ নাম উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে লিখে, "কংগ্ৰেছৰ মাননীয় সাংসদ ৰকিবুল হুছেইনক আক্ৰমণৰ অভিযোগত ১০জন লোকক আৰক্ষীয়ে চিনাক্ত কৰিছে । আইনী প্ৰক্ৰিয়াৰ দ্বাৰা আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিব ।"
চিনাক্ত কৰা লোককেইজন হ’ল---
- জামতোলাৰ হাৰুণ
- ফাকলিৰ হৰেশ
- তামুলীটুপৰ বছিৰ
- কাৱৈমাৰীৰ কাছেম আলী
- কাৱৈমাৰীৰ ৰছিদুল
- গুণাবাৰীৰ আয়ুব
- ৰে'ল ষ্টেচনৰ লুটকিয়ৰ
- ৰৌমাৰীৰ খালেক
- গঁড়েমাটিখোৱাৰ মজিবুৰ
- কোয়াচগাঁৱৰ জাহাংগীৰ