শ্বিলং : শুকুৰবাৰে অনুষ্ঠিত ইণ্ডিয়ান ছুপাৰ লীগ চমুকৈ আই এছ এল (ISL), ২০২৪-২৫ বৰ্ষৰ এখন মেচত বেংগালুৰু এফ চিয়ে নৰ্থ-ইষ্ট ইউনাইটেড এফ চিক পৰাস্ত কৰে । শ্বিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত মেচখনত বেংগালুৰু এফ চিয়ে নৰ্থ-ইষ্ট ইউনাইটেড এফ চিক ২-০ গ'লৰ ব্যৱধানত পৰাস্ত কৰে । আই এছ এলৰ প্ৰেছ বিজ্ঞপ্তিত এই কথা প্ৰকাশ ।
মেন ইন ব্লুৱে দক্ষতাৰে নিজৰ গেম প্লেন কাৰ্যকৰী কৰে । তেওঁলোকে মেচখন মাত্ৰ 37.3% নিজৰ দখলত ৰাখিলেও লক্ষ্যলৈ লোৱা চাৰিটা শ্বটৰ ভিতৰত দুটাকে কাৰ্যকৰী কৰে । আনহাতে, ঘৰুৱা দলটোৱে আলহী দলটোৰ ১০ টা ক্ৰছৰ তুলনাত ২৫ টা ক্ৰছ লাভ কৰিবলৈ সেয়া কাৰ্যকৰী কৰাত ব্যৰ্থ হয় । সমগ্ৰ মেচখনত নৰ্থ-ইষ্ট ইউনাইটেডে যথেষ্ট পৰিশ্ৰম কৰিলেও তাৰ ফল লাভত বিফল হয় ।
ইয়াৰ বিপৰীতে প্ৰশিক্ষক জেৰাৰ্ড জাৰাগোজাৰ দলটোৱে অৱশেষত বিজয়ৰ হাঁহি মাৰে । বৰ্তমান 21 খন মেচত 34 পইণ্টেৰে তালিকাৰ চতুৰ্থ স্থানলৈ উন্নীত হৈছে বেংগালুৰু এফ চি । আনহাতে, সমান সংখ্যক মেচত 32 পইণ্টেৰে পঞ্চম স্থানত আছে নৰ্থ-ইষ্ট ইউনাইটেড এফ চি ।
মেচখনৰ তৃতীয় মিনিটতে এলবাৰ্টো নেগুৱাৰাই দিয়া এটা পাছ ৰায়ান উইলিয়ামছে সুন্দৰভাৱে নৰ্থ-ইষ্ট ইউনাইটেডৰ নেটত প্ৰৱেশ কৰাই বেংগালুৰুক প্ৰাৰম্ভিক অগ্ৰগতি প্ৰদান কৰে । ঘৰুৱা দলটোৱে 18 মিনিটত আলায়েদ্দিন আজাৰাইৰ দ্বাৰা প্ৰত্যাক্ৰমণ কৰে যদিও বল গ'ল পোষ্টৰ ভিতৰলৈ মাৰি পঠিওৱাত বিফল হয় ।
আনহাতে, মেচখনৰ অন্তিম কেইমিনিটমানত বেংগালুৰু এফ চিয়ে দ্বিতীয়টো গ'ল কৰি গ'লৰ ব্যৱধান বৃদ্ধি কৰে আৰু নিশ্চিত জয়ৰ দিশে আগবাঢ়ে । পৰৱৰ্তী মেচত নৰ্থ-ইষ্ট ইউনাইটেড এফ চি আৰু বেংগালুৰু এফ চিয়ে ক্ৰমান্বয়ে ৩ মাৰ্চ আৰু ২৫ ফেব্ৰুৱাৰীত চেন্নায়ান এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব ।