গোলাঘাট : ৰাজনৈতিক নেতাৰ পৰা আৰম্ভ কৰি সাধাৰণ লোক সকলোৱে জাতীয় আৰু জনগোষ্ঠীয় সংগঠনসমূহক চান্দা লোৱা বুলি তুচ্ছ তাচ্ছিল্য কৰি থকা দেখা যায় । অৱশ্যে এনে ধৰণৰ কথা বতৰাক আওকাণ কৰি ৰাজপথৰ সংগ্ৰামৰ সমান্তৰালকৈ কৃষি বিপ্লৱৰ সূচনা কৰিছে গোলাঘাটৰ এটা জনগোষ্ঠীয় সংগঠনৰ নেতাই ।
কৃষি ক্ষেত্ৰত প্ৰকৃত অসমীয়াগিৰি দেখুৱাইছে যুৱকজনে । তেওঁ হৈছে টাই আহোম ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতিৰ কাৰ্যকৰী সভাপতি দিগন্ত গগৈ । আহোম জনগোষ্ঠীৰ জনজাতিকৰণকে ধৰি জাতিটোৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত দিল্লী, দিছপুৰত সংগ্ৰাম কৰাৰ সমান্তৰালকৈ কৃষি কৰ্মৰ জৰিয়তেও নিজকে স্বাৱলম্বী কৰি তুলিবলৈ সক্ষম হৈছে দিগন্ত ।
আৰ্থিকভাৱে স্বাৱলম্বী হোৱাৰ লগতে আন কেইবাটাও পৰিয়ালক আৰ্থিক সকাহ দিছে দিগন্তই । দিগন্ত গগৈয়ে প্ৰায় ১৬ বিঘা কৃষি ভূমিত বিভিন্ন ধৰণৰ পাচলিৰ খেতি কৰাৰ লগতে ১০ বিঘা ভূমিত কৰিছে সৰিয়হৰ খেতি । গোলাঘাট নগৰৰ সমীপৰ বেবেজীয়া গাঁৱত বিভিন্ন ধৰণৰ ৰবি শস্যৰ খেতি কৰি এতিয়া বিশেষ চৰ্চা লাভ কৰিছে দিগন্ত গগৈয়ে ।
এই সন্দৰ্ভত সংগ্ৰামী নেতা তথা কৃষক দিগন্ত গগৈয়ে কয়, "এই কৃষি ভূমিৰ পৰা নতুন প্ৰজন্মক এটা কথা ক'ব বিচাৰিছো কৃষিৰ জৰিয়তে আমি অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'ব পাৰো । ঠিক তেনে এক চিন্তাৰে মই কৃষিকৰ্ম আৰম্ভ কৰিছো । যিহেতু আমি ৰাজপথৰ আন্দোলনৰ লগত জড়িত হৈ থাকো তেনেস্থলত তাৰ পৰা সময় উলিয়াই কৃষি বিপ্লৱৰ সূচনা কৰাৰ মানসিকতাৰে খেতিপথাৰত নামি আহিছো আৰু ইয়াৰ যোগেদি বিভিন্ন ধৰণৰ ৰবি খেতি কৰিছো । ৰঙালাও, আলু, বিলাহী, কবি আদিৰ লগতে বিভিন্ন ধৰণৰ ৰবি খেতি কৰিছো । এই কৃষিৰ জৰিয়তে আমাৰ পৰিয়াল পোহপাল দিয়াৰ লগতে আমাৰ জীৱন জীৱিকাৰ পথ আগুৱাই লৈ যাবলৈ সক্ষম হৈছো ।"

তেওঁ লগতে কয়, "প্ৰতিটো অনুষ্ঠান, প্ৰতিষ্ঠানে কৃষকসকলক বিশেষ গুৰুত্ব দিয়া দেখা নাযায় । কৃষকসকলক বিশেষ স্থান দিয়া দেখা নাযায় । বিভিন্ন সভা-সমিতিত কৃষকক উচিত সন্মান দি অগ্ৰণী ভূমিকা পালন কৰা দেখা নাযায় । এই ক্ষেত্ৰত তাই আহোম ছাত্ৰ সন্থাই কিছুদিন পূৰ্বে এক অনুষ্ঠানত এই অঞ্চলৰ কৃষকসকলক মাতি নি সন্মান জনাইছিলো । কৃষিকৰ্মৰ জৰিয়তে আমি এক নিৰ্মল আনন্দ লাভ কৰো ৷ কাৰণ এক সেউজীয়া পৰিৱেশৰ মাজত আমি দিন অতিবাহিত কৰো । গোটেই বছৰ আমি এই কৃষিকৰ্মৰ লগত জড়িত হৈ থাকো ।"

নৱ প্ৰজন্মক উদ্দেশ্যি যুৱ কৃষক দিগন্ত গগৈয়ে কয়, "নৱপ্ৰজন্মলৈ মোৰ এটাই আহ্বান চৰকাৰী চাকৰিৰ আশাত নাথাকি কৃষি বিপ্লৱ কৰিবলৈ ওলাই আহক আৰু নিজৰ কৃষি ভূমি নাথাকিলে আনৰ পৰা লৈ কৃষিকৰ্ম কৰিব পাৰি । কাৰণ এই সকলো মাটি মোৰ নিজৰ নহয় ।"
আনহাতে সংবাদ মাধ্যমক উদ্দেশ্যি তেওঁ কয় যে শাক-পাচলিৰ মূল্যবৃদ্ধিৰ বাতৰি প্ৰকাশ কৰাৰ লগতে আন আন সামগ্ৰীৰ মূল্যবৃদ্ধিৰো বাতৰি প্ৰকাশ কৰা উচিত ।