ETV Bharat / state

শংকৰদেৱ সংঘৰ আৰু এক কাণ্ড: পাৰ্টীত আমিষ খাদ্য দিয়াৰ বাবেই শাস্তি এটা পৰিয়ালক - SANKAR SANGHA CONTROVERSY

ঘৰৰ বাহিৰত অনুষ্ঠিত কৰা তোলনি বিয়াৰ পাৰ্টীত আমিষ খাদ্যৰে অতিথিক আপ্যায়ন । সেয়াই হ'ল অপৰাধ ৷

Sankar Sangha ostracizes family in Jorhat for serving non vegetarian meal in function
আমিষ পাৰ্টীৰ বাবে শাস্তি এটা পৰিয়ালক (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Feb 22, 2025, 6:54 PM IST

যোৰহাট: শ্ৰীমন্ত শংকৰদেৱ সংঘক লৈ আকৌ চৰ্চা, কি হৈছে শংকৰদেৱ সংঘৰ মজিয়াত ! এইবাৰ আৰম্ভ হৈছে আন এক বিতৰ্ক ৷ যোৰহাট ৰংদৈৰ ৰাণু বৰুৱাৰ পুত্ৰ গৌতম বৰুৱা কৰ্মসূত্ৰে যোৰহাটৰ কেন্দুগুৰিৰ বাসিন্দা । প্ৰায় সাত মাহৰ পূৰ্বে গৌতম বৰুৱাৰ একমাত্ৰ কন্যা পুষ্পিতা হোৱাৰ পিছত শংকৰদেৱ সংঘৰ ৰীতি-নীতি নিয়ম অনুযায়ী ৰংদৈৰ পুৰণি গৃহত সকলো আই-বাপৰ উপস্থিতিত সকলো কাৰ্য সম্পাদন কৰা হয় । সেই কাৰ্য সম্পাদন কৰি কৰ্মসূত্ৰে থকা কেন্দুগুৰিৰ বাসগৃহলৈ ঘূৰি আহিছিল গৌতম বৰুৱাৰ সৰু পৰিয়ালটো ।

আমিষ খাদ্যৰ পাৰ্টি, শংকৰদেৱ সংঘৰ ৰোষত এটা পৰিয়াল:

আমিষ পাৰ্টীৰ বাবে শাস্তি এটা পৰিয়ালক (ETV Bharat Assam)

শংকৰদেৱ সংঘৰ নীতি-নিয়মৰে পুষ্পিতা অনুষ্ঠান হৈ যোৱাৰ এমাহৰ পিছত ঘৰৰ বাহিৰত অৰ্থাৎ এটা বিবাহ ভৱনত সহকৰ্মী আৰু তেওঁলোকৰ আত্মীয়ক এই উপলক্ষে এক পাৰ্টী দিছিল গৌতম বৰুৱা আৰু তেওঁ পত্নীয়ে । স্বাভাৱিকতে আমিষ খাদ্য পৰিৱেশন কৰা হৈছিল এই পাৰ্টীত ৷ সংঘৰ নীতি-আৰ্দশত থকা গৌতম বৰুৱাৰ মাতৃ আৰু জ্যেষ্ঠ ভ্ৰাতৃসহ পৰিয়ালৰ কোনো লোক এই অনুষ্ঠানলৈ অহা নাছিল । তৎস্বত্বেও ৰাণু বৰুৱাৰ পৰিয়ালটোক ২০২৪ বৰ্ষৰ আগষ্ট মাহত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মেলেং আঞ্চলিক শাখাৰ অন্তৰ্গত ২১৬নং ৰংদৈ নৱ প্ৰাথমিক শাখাৰ পৰা এক পত্ৰযোগে জনোৱা হ'ল যে তেওঁলোকৰ ঘৰত এবছৰ বাবে কোনো ধৰণৰ ধৰ্মীয় অনুষ্ঠান অনুষ্ঠিত কৰিব নোৱাৰিব আৰু কোনো ধৰণৰ সহযোগিতা কৰা নহ'ব ।

ফলত সংঘৰ এনে সিদ্ধান্তত দিগবিদিক হেৰুৱাই পেলাই ১৯৯১ চনৰে পৰা সংঘত থকা ৰাণু বৰুৱাই । লাজ আৰু অপমানত সংঘৰ কোনো সংগীৰ ঘৰলৈ যাবলৈ নাপায় ৰাণু বৰুৱা নামৰ মহিলাগৰাকী ৰুগীয়া হৈ পৰাৰ লগতে আন সদস্যসকলো মানসিকভাৱে ভাগি পৰা বুলি অভিযোগ কৰে পৰিয়ালটোৱে ।

সংঘৰ একাংশৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ হুংকাৰ:

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই সিদ্ধান্ত সন্দৰ্ভত পুত্ৰ গৌতম বৰুৱাই কয়, "সংঘৰ এই সিদ্ধান্তই মোৰ মাতৃক শাৰীৰিকভাৱে অসুস্থ কৰি পেলালে আৰু বৰ্তমান চিকিৎসকৰ পৰামৰ্শ অনুসৰি চিকিৎসা কৰি থকাৰ লগতে মোৰ মাতৃ মানসিকভাৱে ভাগি পৰিছে । আমাৰ পৰিয়ালটোক সংবিধানৰ কোনটো নীতি-নিদেৰ্শনা অনুসৰি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি পত্ৰ প্ৰেৰণ কৰাৰ পিছত আজিকোপতি সংঘই কোনো ধৰণৰ উত্তৰ নিদিলে ।"

তেওঁ লগতে কয়, "সুকলমে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিবেশন অনুষ্ঠিত হৈ যোৱাৰ স্বাৰ্থত এই কথা ৰাজহুৱা কৰা নাছিলো । মই বৰ্তমান সংঘৰ একাংশৰ বিৰুদ্ধে শীঘ্ৰে আইনী ব্যৱস্থা গ্ৰহণ কৰিম ।" উল্লেখ্য যে টাইপাৰ সৈতে সংঘাত হোৱাৰ পিছত পুনৰ আন এই ঘটনা ৰাজহুৱা হোৱাত শ্ৰীমন্ত শংকৰদেৱ সংঘই কিদৰে পৰিস্থিতিৰ সৈতে মোকামিলা কৰিব সেয়া লক্ষ্যণীয় হৈ পৰিব ।

লগতে পঢ়ক: এইবাৰ যোৰহাটত শংকৰদেৱ সংঘৰ বিৰুদ্ধে এজাহাৰ টাই-আহোম সংগঠনৰ - FIR AGAINST SANKARADEV SANGHA

বিতৰ্কই লগ এৰা নাই শংকৰ সংঘক; ডিব্ৰুগড়-শিৱসাগৰত এজাহাৰ দাখিল - FIR AGAINST SANKARDEV SANGHA

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.