গোলাঘাট : শেহতীয়াকৈ অসম লোকসেৱা আয়োগৰ (APSC) কেলেংকাৰী সন্দৰ্ভত বি.কে শৰ্মা আয়োগৰ প্ৰতিবেদনে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । ৰাজনৈতিৰ মহলত বিষয়টোক লৈ বিতৰ্ক অব্যাহত আছে । তাৰ মাজতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই কেলেংকাৰী সন্দৰ্ভত CBI তদন্তৰ দাবী কৰিলে ।
সংগঠনটোৰ সভাপতি পলাশ চাংমায়ে দাবী কৰা মতে তৰুণ গগৈ চৰকাৰৰ দিনত সংঘটিত এই বৃহৎ কেলেংকাৰী কেৱল বিষয়া পৰ্যায়তে হোৱা নাছিল । মুখ্যমন্ত্ৰী বা মন্ত্ৰীসকলৰ সেউজ সংকেত নাপালে ৰাকেশ পালে এনে কেলেংকাৰী কৰিব নোৱাৰে বুলিও তেওঁ দাবী কৰিছে । লগতে তেওঁ চৰকাৰৰ পৰা কেইবাটাও প্ৰশ্নৰ উত্তৰ বিচাৰে ।
- চৰকাৰক AJYCPৰ প্ৰশ্ন
তেওঁ কয়, "মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ১৫ বছৰীয়া শাসনকালত আটাইতকৈ ডাঙৰ কেলেংকাৰী হৈছে APSC কেলেংকাৰী । গুৱাহাটী উচ্চ ন্যায়ালয়ে তদন্তৰ শপতনামা দাখিলৰ ক্ষেত্ৰত চৰকাৰক এক সময়সীমা বান্ধি দিছিল । কিন্তু শপতনামা নিদিয়াৰ বাবে কেলেংকাৰীৰ অভিযোগত চাকৰি হেৰুওৱাসকলে পুনৰ চাকৰি ঘূৰাই পাবলৈ সক্ষম হৈছে । ইয়াৰ অন্তৰালত কিবা ৰহস্য লুকাই আছে ।"
পলাই চাংমাইয়ে চৰকাৰক আন এটা প্ৰশ্ন কৰে, "বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনখন ৬ মাহৰ ভিতৰত বিধানসভাত উত্থাপন কৰিব লাগিছিল । কিন্তু চৰকাৰে ২০ মান সময় কিয় প্ৰতিবেদনখন পেলাই থলে । ইয়াৰ কাৰণ কি আমি চৰকাৰৰ পৰা জানিব বিচাৰিছো ।"
লগতে পঢ়ক : মুখ্যমন্ত্রীৰ দুই ভাতৃয়ে কেনেকৈ পালে এ পি এছ চিৰ চাকৰি; তদন্তৰ প্ৰত্যাহ্বান অখিল গগৈৰ লগতে পঢ়ক : ৰাকেশ পালক নিযুক্তি দিয়া ফাইলত চহী কৰিবলৈ কোন মন্ত্ৰীয়ে হেঁচা দিছিল তৰুণ গগৈক ? |
তেওঁ লগতে কয়, "APSC কেলেংকাৰী সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ত চলি থকা গোচৰত চৰকাৰে সঠিক সময়ত বিপ্লৱ শৰ্মাৰ আয়োগৰ প্ৰতিবেদন আৰু ডিব্ৰুগড় আৰক্ষীৰ গোচৰৰ সকলো তথ্য সঠিকভাৱে আদালতত জমা নিদিয়াৰ ফলত উচ্চ ন্যায়ালয়ে অভিযুক্ত নিলম্বনত স্থগিতাদেশ দিবলগীয়া হ'ল । এই সন্দৰ্ভত আদালতে ক্ষোভ প্ৰকাশ কৰি মন্তব্য দিছিল । গতিকে এই হেমাহি ইচ্ছাকৃতভাৱে আছিল নেকি ? আমি জানিব বিচাৰিছো ।"
বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন সন্দৰ্ভত সংগঠনটোৰ সভাপতি পলাশ চাংমায়ে লগতে কয়, "বিল্পৱ শৰ্মা আয়োগৰ প্ৰতিবেদনে ২০১৩ আৰু ১৪ বৰ্ষৰ সমূহ প্ৰাৰ্থীৰ নিযুক্তি বাতিল কৰাৰ পৰামৰ্শ দিছে কিন্তু বৰ্তমানলৈকে মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত মতামত দিয়া নাই । গতিকে এনেধৰণৰ মুখ চুপতি মৰা কথাৰ পৰিৱৰ্তে এই বিষয়টোৰ ক্ষেত্ৰত তেওঁ কিয় নিমাত হৈ আছে । তৰুণ গগৈৰ দিনত হোৱা এই কেলেংকাৰী কেৱল মাত্ৰ এজন বিষয়া পৰ্যায়ত হোৱা নাছিল । সেই সময়ত মুখ্যমন্ত্ৰীৰ সোঁৱে-বাঁৱে যিসকল মন্ত্ৰী আছে তেওঁলোকৰ সেউজ সংকেত নাথাকিলে ইমান ডাঙৰ কেলেংকাৰী হ'ব নোৱাৰে । কিন্তু এই বিপ্লৱ শৰ্মাৰ আয়োগৰ প্ৰতিবেদনত ৰাজনৈতিক পৃষ্ঠপোষকতা থকা ব্যক্তিসকলৰ নাম দেখা নাপালো । গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই সমগ্ৰ বিষয়টোৰ চিবিআইৰ তদন্ত দাবী কৰিছো ।"
- শংকৰদেৱ সংঘ আৰু টাইপাৰ সংঘাত
ইফালে শ্ৰীমন্ত শংকৰদেৱ সংঘ আৰু টাইপাৰ মাজত চলি থকা সংঘাত সম্পৰ্কেও অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতিগৰাকীয়ে মন্তব্য কৰে । তেওঁ কয়, "এই সন্দৰ্ভত দুয়োপক্ষই পৰস্পৰে পৰস্পৰৰ প্ৰতি সন্মান জনাই আলোচনাৰ জৰিয়তে বিষয়টো নিষ্পত্তি কৰাৰ ব্যৱস্থা কৰিব লাগে ।"