ETV Bharat / state

সৰুপথাৰত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত মহিলা: সংকটজনক আন এগৰাকী - SARUPATHAR ROAD ACCIDENT

নিহত মহিলাগৰাকীৰ নাম মামণি বৰা । তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ সামাজিক মাধ্যম কোষৰ অন্যতম সদস্য আছিল ।

Sarupathar road accident
সৰু পথাৰত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত মহিলা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 3, 2025, 9:05 PM IST

সৰুপথাৰ : সৰুপথাৰৰ ছেৱাগুৰিত শুকুৰবাৰে সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । এই দুৰ্ঘটনাত থিতাতে নিহত হয় এগৰাকী মহিলা । এল্ট' আৰু স্কুটীৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত নিহত হয় এগৰাকী স্কুটী আৰোহী ৷

থিতাতে নিহত হোৱা মহিলাগৰাকী বৰপথাৰৰ বচাপথাৰ অঞ্চলৰ মামণি বৰা বুলি চিনাক্ত কৰা হৈছে । আনহাতে, গুৰুতৰভাৱে আহত হয় বৰপথাৰৰ শেনচোৱা গাঁৱৰ চুমী কোঁৱৰ নামৰ আন এগৰাকী স্কুটী আৰোহী ৷ চুমি কোঁৱৰ নামৰ মহিলাগৰাকী সৰুপথাৰ সমজিলা অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৷

সৰু পথাৰত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত মহিলা (ETV Bharat Assam)

ইফালে দুৰ্ঘটনাটো সংঘটিত কৰিয়ে এল্ট' গাড়ীখনৰ চালকজনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে ৷ দুৰ্ঘটনা সংঘটিত কৰা এল্ট'খনৰ নম্বৰ হৈছে AS-03-AA 5385 আৰু স্কুটীখনৰ নম্বৰ হৈছে AS-05-X 0340 ।

উল্লেখ্য যে নিহত মামণি বৰা ভাৰতীয় জনতা পাৰ্টীৰ সামাজিক মাধ্যম কোষৰ অন্যতম সদস্য আছিল । ইফালে মামণি বৰাৰ আকস্মিক মৃত্যুত গভীৰ দুখ প্ৰকাশ কৰে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে ।

সামাজিক মাধ্যমযোগে এটা পোষ্ট কৰি সৰুপথাৰৰ বিধায়কগৰাকীয়ে কয়, "ভাৰতীয় জনতা পাৰ্টীৰ সামাজিক মাধ্যম কোষৰ অন্যতম সদস্যা মামণি বৰাৰ আকস্মিক মৃত্যুত গভীৰ দুখ অনুভৱ কৰিছোঁ । উদ্যমী যুৱতীগৰাকীয়ে অলেখ সপোন লগতে লৈ গ'ল । মামণিৰ আত্মাৰ চিৰশান্তিৰ বাবে ভগৱানক প্ৰাৰ্থনা কৰিছোঁ ।"

উল্লেখ্য, নতুন বছৰৰ তৃতীয়টো দিনতে সংঘটিত এই দুৰ্ঘটনাই সমগ্ৰ বৰপথাৰতে শোকৰ ছাঁ পেলাইছে ।

বিগত কেইবা দিনো ধৰি সৰুপথাৰ সমজিলাৰ বৰপথাৰত চক্ৰ বিষয়া মনোজ কুমাৰ দলেৰ নেতৃত্বত বাইক ৰাইডাৰ্ছ আৰু হেলমেট পৰিধান নকৰা লোকৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে । উক্ত অভিযানৰ পিছতেই সৰুপথাৰ সমজিলাত পথ দুৰ্ঘটনা প্ৰায় শূন্য হৈ পৰিছিল । নৱবৰ্ষৰ প্ৰথমদিনাই বৰপথাৰ নগৰত হেলমেট পৰিধান কৰাৰ সজাগতাৰ উদ্দেশ্যৰ লগতে পথ দুৰ্ঘটনা ৰোধৰ বাবে হেলমেট বিতৰণ কৰিছিল । কিন্তু নৱবৰ্ষৰ তৃতীয় দিনটোত বৰপথাৰৰ ছেৱাগুৰিত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা ।

দুৰ্ঘটনা সন্দৰ্ভত এগৰাকী স্থানীয় ব্যক্তিয়ে কয়, "স্কুটী আৰোহীয়ে হেলমেট পৰিধান কৰিয়েই যাত্ৰা কৰিছিল । কিন্তু এল্ট' গাড়ীখনৰ চালকৰ ভুলৰ বাবেই এই দুৰ্ঘটনাটো সংঘটিত হয় । বাহনখন তীব্ৰগতিত আছিল । দুৰ্ঘটনা সংঘটিত কৰিয়ে বাহনখনৰ চালকে পলায়ন কৰে ।"

উল্লেখ্য যে দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে খুন্দাৰ ফলত বহু দূৰৈত ছিটিকি পৰে স্কুটীখন । স্থানীয় লোকে জনোৱা অনুসৰি, তীব্ৰবেগত বৰপথাৰৰ পৰা সৰুপথাৰ দিশে গৈ আছিল এল্ট' গাড়ীখন । লগতে চালকজন সুৰামত্ত অৱস্থাত আছিল বুলিও স্থানীয় ৰাইজে সন্দেহ কৰিছে ।

আনহাতে, স্কুটীৰ আৰোহী দুগৰাকীয়ে হেলমেট পৰিধান কৰি আছিল যদিও এল্ট' গাড়ীখন তীব্ৰবেগত গৈ থকাৰ বাবেই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে ।

লগতে পঢ়ক :অভিশপ্ত ৩ জানুৱাৰী ! ১২ খন চিতাৰ সজল স্মৃতিয়ে এতিয়াও কন্দুৱাই অঞ্চলবাসীক - ONE YEAR OF DERGAON BUS ACCIDENT
লগতে পঢ়ক :দুৰ্ঘটনাত পতিত KMSSৰ নেতা বিদ্যুৎ শইকীয়া; গুৰুতৰভাৱে আহত - KMSS LEADER INJURED

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.