গুৱাহাটী: বৃহস্পতিবাৰে পুৱা প্ৰায় ৯-৩০ বাজিছে । গুৱাহাটী মহানগৰীৰ খাৰঘূলিৰ জজ কলনীৰ সমীপত হঠাতেই ঘটিল জাইকাৰ পানী পাইপ বিস্ফোৰণ । এই ভয়ংকৰ জলবিস্ফোৰণত মুহূৰ্ততে ধ্বংসস্তূপত পৰিণত হ'ল ৬টাকৈ পৰিয়ালৰ ঘৰৰ লগতে ৮ খন দোকান ।
এতিয়া এই লোকসকলৰ থাকিবলৈকে নোহোৱা হৈছে ঠাই । পানীত উটি যোৱা ঘৰৰ সামগ্ৰীসমূহ বিচাৰি ভাগৰি পৰিছে ক্ষতিগ্ৰস্ত লোকসকল । এইসকল অসহায় লোকে বিনীদ্ৰ ৰজনী কটাই জাইকা তথা চৰকাৰ আৰু পৌৰ নিগমৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে ।
"নতুন বছৰটোত সৰু দোকানখন অলপ ডাঙৰ কৰাৰ পৰিকল্পনা আছিল । দোকানখন অলপ ডাঙৰ কৰি মানুহৰ ঘৰত কাম কৰা বন্ধ কৰিম বুলি এই বছৰ পৰিকল্পনা কৰিছিলো । কিন্তু সকলো সপোন চকুৰ পলকতে শেষ হৈ গ'ল ।" গুৱাহাটী মহানগৰীত যোৱা বৃহস্পতিবাৰে সংঘটিত ভয়ংকৰ জলবিস্ফোৰণত ক্ষতিগ্ৰস্ত মণি বৰ্মন নামৰ মহিলাগৰাকীৰ এয়া আছিল মনৰ কথা । তেওঁ কয়," পাইপ ফাটি ওলোৱা পানীয়ে চকুৰ সন্মুখতে মোৰ ঘৰ আৰু সকলো ভাঙি পেলালে । এতিয়া পৰিয়ালটো কেনেকৈ চলাম তাকে কালি ওৰে নিশা চিন্তা কৰি উজাগৰে কটাইছো । ঘৰৰ সকলো বস্তু পানীয়ে নষ্ট কৰি পেলাইছে । পিন্ধিবলৈ কাপোৰ এযোৰো নাই ।"
মণি বৰ্মনৰ পৰিয়ালটোৰ দৰে জলবিস্ফোৰণত ক্ষতিগ্ৰস্ত হোৱা তুনতুনি দাসে কয়," পানীয়ে ঘৰৰ সকলো বস্তু নষ্ট কৰি পেলালে । এখন সৰু দোকান আছিল । সেইখনো পানীয়ে উটুৱাই নিলে । স্বামী আগতে ঢুকাইছে । ছোৱালীজনীৰ সৈতে মোৰ তিনিটা সন্তান । দোকানখনো গ'ল । ঘৰৰ সমস্ত বস্তু নষ্ট হ'ল । এতিয়া কিদৰে চলিম তাৰে দুঃশ্চিন্তাত আছো ।"
উল্লেখ্য যে বিশুদ্ধ খোৱাপানীৰ সমস্যাই গুৱাহাটীবাসীক জুৰুলা কৰি ৰখাৰ সময়তে খোৱাপানী যোগান ব্যৱস্থাই বাৰম্বাৰ মানুহৰ জীৱন-সম্পত্তিৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিছে । কিন্তু ইয়াৰ পাছতো বিষয়টো সন্দৰ্ভত কোনো গুৰুত্ব নাই চৰকাৰৰ । কালি ইংৰাজী নতুন বছৰৰ দ্বিতীয় দিনটোতে মহানগৰীৰ খাৰঘুলি নেপালী চ’কত সংঘটিত জলবিস্ফোৰণে সমগ্ৰ অঞ্চলটোত ভয়াৱহ পৰিস্থিতি সৃষ্টি কৰে ।
গুৱাহাটীৰ খাৰঘুলিত জলব'ৰ্ডৰ অধীনৰ প্ৰতিদিনে ১৯১ মিলিয়ন লিটাৰ পানী শোধন কেন্দ্ৰৰ বৃহৎ পাইপ ফুটি সংঘটিত হয় এই ভয়াৱহ জলবিস্ফোৰণ । এই দুৰ্ঘটনাত আনোৱাৰ হুছেইন, আব্দুল ফাৰুক, এম ডি মুস্তাফা, ৰাজা আহমেদ আৰু ৰাধিকা দাসকে ধৰি অঞ্চলটোৰ প্রায় ৩৫টা পৰিয়ালৰ ঘৰ-দুৱাৰ তথা আচবাবৰ বিস্তৰ ক্ষতি হয় ।
অঞ্চলটোৰ ভুক্তভোগী এম ডি মুস্তাফাই জনোৱা মতে, ৩৫টা পৰিয়ালৰ উপৰি এই জলবিস্ফোৰণত এটা গেৰেজসহ সাতখন ব্যৱসায়িক প্রতিষ্ঠান, চাৰিখন বাইক, দুখন অটো, দুখন চাৰিচকীয়া বাহন আৰু ছখন ৰিক্সা বিধ্বস্ত হয় । তেওঁৰ গেলামালৰ দোকানখনৰো প্ৰায় পাঁচ-ছয় লাখ টকাৰ ক্ষতি হয় বুলি কয় । এই সন্দৰ্ভত ক্ষতিগ্ৰস্ত লোকসকলে চৰকাৰৰ পৰা এতিয়ালৈকে কোনো সুবিধা পোৱা নাই বুলি ক্ষোভ উজাৰি তেওঁ কয়, "মাত্ৰ নিশা কটোৱাৰ বাবে ওচৰৰ আশ্ৰয় শিবিৰত ব্যৱস্থা কৰিছে । এই শীতৰ সময়ত এখন মাত্ৰ সৰু কম্বল দিছে ।"
ইপিনে, চৰকাৰৰ তৰফৰ পৰা সাহাৰ্য ঘোষণা কৰা হৈছে । গুৱাহাটী মহানগৰ খোৱাপানী আৰু অনাময় পৰিষদৰ তৰফৰ পৰা আনোৱাৰ হুছেইন, আবু ফাতেহ আহমেদ, মৌমিন শ্বেখ আৰু বিনীতা দাসৰ পৰিয়াললৈ এক লাখ বিশ হাজাৰ টকাকৈ সহায় আগবঢ়াইছে । এই দুৰ্ঘটনাটোত ক্ষতিগ্ৰস্ত হোৱা তাৰিফা বেগমে কয়,"পানীয়ে ঘৰৰ সকলো বস্তু নষ্ট কৰিছে । ঠাণ্ডাত ব্যৱহাৰ কৰা সকলো কাপোৰ নষ্ট হৈছে । চৰকাৰৰ ফালৰ পৰা মোৰ পৰিয়ালৰ লগতে তিনিটা পৰিয়ালক সহায় কৰিছে । কিন্তু ক্ষতি যথেষ্ট হৈছে । ঘৰত থাকিব পৰা অৱস্থা নোহোৱা হৈছে ।"
আনহাতে, দুৰ্ঘটনাটোত ক্ষতিগ্ৰস্ত ছাৰিফুল নেছাই কয়,"পানীয়ে ঘৰৰ সকলো সামগ্ৰী নষ্ট কৰিছে । কিতাপ-পত্ৰবোৰ নষ্ট কৰিছে । নিশা খাবলৈ একো নাছিল । ওচৰৰ মানুহে অকণমান সহায় কৰিছে । চৰকাৰৰ ফালৰ পৰা কোনো সহায় কৰা নাই ।" ইপিনে,আজি পৰিস্থিতিৰ বুজ লৈ থকা গুৱাহাটী মহানগৰ খোৱাপানী আৰু অনাময় পৰিষদৰ পৰিচালন সঞ্চালক পল্লৱ গোপাল ঝাক সোধা প্ৰশ্নৰ উত্তৰত কয়," চৰকাৰৰ ফালৰ ইতিমধ্যে সহায়ৰ কথা ঘোষণা কৰিছে । ক্ষতিপূৰণ দিয়াৰ ক্ষেত্ৰত চৰকাৰে পদক্ষেপ লৈ আছে । কাৰিকৰী বিসংগতি কিম্বা যাৰ গাফিলতিৰ ফলত এই ঘটনা সংঘটিত হৈছে, সেই বিষয়ে তদন্ত কৰি থকা হৈছে ।"