গুৱাহাটী : জাগীৰোডত শুভাৰম্ভ হয় ৰাজ্যৰ প্ৰযুক্তি শিক্ষাৰ এক নতুন দিশ । দেশৰ ১১ টা স্থানৰ সৈতে জাগীৰোডতো শুক্ৰবাৰে শুভাৰম্ভ হয় নেইলিট বিশ্ববিদ্যালয়ৰ নিৰ্মাণকাৰ্য ।
এই সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয়, "আজি এটা শুভ দিন । নেইলিট বিশ্ববিদ্যালয়ৰ (NIELIT, National Institute of Electronics & Information Technology) শুভাৰম্ভ হৈছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অসমৰ জাগীৰোডত নেইলিট বিশ্ববিদ্যালয় স্থাপন হ'ব । য'ত আই টি, ইলেকট্ৰ'নিক, এ আই, মেচিন লাৰ্ণিং, আই অ' টি, ইণ্ডাষ্ট্ৰিজ ৪.২ আদি আধুনিক শিক্ষা প্ৰয়োগত নেইলিটৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে ।"
শুকুৰবাৰে গুৱাহাটী ৰে'ল ষ্টেচনত তিনিখনকৈ নতুন ৰে'লৰ সেৱাৰ শুভাৰম্ভ কৰি তেওঁ কয়, "নেইলিট বিশ্ববিদ্যালয় দেশৰ ১১ স্থানত হ'ব । আজি জাগীৰোডৰ পৰা শুভাৰম্ভণি কৰা হৈছে ।"
আনহাতে, অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয়, "প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগীক সাকাৰ ৰূপ প্ৰদান কৰি আমি অসমত এনে এখন বিশ্ববিদ্যালয় নিৰ্মাণ কৰিবলৈ গৈ আছোঁ, যিখন বিশ্ববিদ্যালয়ে আমাৰ ল'ৰা-ছোৱালীক ছেমি কণ্ডাক্টৰৰ বিষয়ে শিকাব, কোৱাণ্টাম ফিজিক্সৰ বিষয়ে শিক্ষাদান কৰিব, আমাৰ শিক্ষাৰ্থীক এ আইৰ বিষয়ে শিকাব ৷ আজি জাগীৰোডত স্থাপন হ'বলৈ গৈ থকা নেইলিট বিশ্ববিদ্যালয়ে অসমৰ শিক্ষা জগতত জ্ঞান আৰু বিজ্ঞানৰ এক নতুন সূৰুযৰ আগমন ঘটাইছে ।"
তেওঁ লগতে কয়, "জাগীৰোডৰ ছেমি কণ্ডাক্টৰ প্রকল্পৰ সম্পূর্ণকৰণে নতুন আশাৰ বতৰা কঢ়িয়াব । 2025 ৰ শেষলৈ অসমত নির্মিত ছেমি কণ্ডাক্টৰ চিপছ আমেৰিকা যুক্তৰাষ্ট্ৰৰ মটৰগাড়ীত ব্যৱহৃত হ’ব ।"
শুকুৰবাৰে ৰাজ্যত কেইবাটাও প্ৰকল্পৰ শুভাৰণি কৰে কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে । গুৱাহাটী ৰে'ল ষ্টেচনৰ পৰা তিনিখনকৈ নতুন ৰে'লৰ শুভাৰম্ভ কৰে কেন্দ্ৰীয় ৰে'ল মন্ত্ৰীগৰাকীয়ে । এই ৰে'লকেইখন হৈছে গুৱাহাটী-উত্তৰ লখিমপুৰ জনশতাব্দী এক্সপ্ৰেছ, নিউ বঙাইগাঁও-গুৱাহাটী পেছেঞ্জাৰ আৰু তিনিচুকীয়া-নাহৰলগুন এক্সপ্ৰেছ ।
আনহাতে, কোকৰাঝাৰত বড়ো ভাষাৰ প্ৰথমটো এফ এম ষ্টেচনো শুভাৰম্ভণি কৰা হয় । লগতে তেতেলিয়াৰ ৰে'লপথৰ ওপৰৰ অ'ভাৰ ব্ৰীজখনো মুকলি কৰা হয় ।