অপহৃত অ’এনজিছিৰ কৰ্মচাৰীৰ ঘৰত আৰক্ষী

By

Published : Apr 21, 2021, 10:33 PM IST

Updated : Apr 21, 2021, 11:04 PM IST

thumbnail
অৰুণাচলস্থিত কুইপ’ৰ কাৰ্যালয়ৰ পৰা অপহৃত হৈছিল দুগৰাকী বিষয়া ক্ৰমে প্ৰণৱ কুমাৰ গগৈ আৰু ৰাম কুমাৰ ৷ এই ঘটনা চাঞ্চল্যৰ মাৰ নাযাওঁতেই পুনৰ অ’এনজিছি ত কৰ্মৰত তিনিজন বিষয়াক অপহৰণ কৰে কোনো অস্ত্ৰধাৰী দুবৃত্তই । মঙলবাৰে নিশা লাকুৱাৰ ৮ নং জি.জি.এছ.ৰ পৰা অপহৃত মোহিনী মোহন গগৈৰ ঘৰ ডিব্ৰুগড় জিলাৰ খোৱাং আৰক্ষী থানাৰ অন্তৰ্গত সৰুআলি গাঁৱত । ২০১৫ চনৰ পৰা অ.এন.জি.ছি.ৰ উৎপাদন বিভাগত কৰ্মৰত গগৈৰ ঘৰত এতিয়া শোকাকুল পৰিবেশ । তেনে সময়তে তেখেতৰ ঘৰত খোৱাং আৰক্ষীৰ এটা দল উপস্থিত হৈ পৰিয়ালৰ লোকক দিলে আশ্বাস । অসম আৰক্ষীয়ে মোহিনী মোহন গগৈৰ লগতে আন দুজন ব্যক্তিক উদ্ধাৰৰ বাবে যৎপৰোনাস্তি চেষ্টা চলাই যোৱা বুলিও জনালে আৰক্ষীৰ দলটোৱে ৷ ইতিমধ্যে আৰক্ষীৰ শীৰ্ষ মহলেও কৰ্মচাৰী কেইজনৰ উদ্বাৰৰ বাবে চেষ্টা কৰি থকা বুলি জানিবলৈ দিয়ে । অৱশ্যে বতৰ্মানলৈকে কোনে কি কাৰণে কৰ্মচাৰী কেইজনক অপহৰণ কৰি নিলে আৰক্ষীৰ হাতত কোনো ধৰণৰ তথ্য নাই বুলিও জনালে খোৱাং আৰক্ষীয়ে ।
Last Updated : Apr 21, 2021, 11:04 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.