দেৱালী সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে ?
🎬 Watch Now: Feature Video
প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে অসমত এইবাৰ দুঘন্টাৰ বাবেহে ৰাইজে দেৱালীৰ আতচবাজী জ্বলাব পাৰিব বুলি ঘোষণা কৰাৰ পিছত মুখ্যমন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মাই পোনচাটেই সেয়া নাকচ কৰিছিল । ইয়াৰ পৰৱৰ্তী পৰ্যায়ত শুকুৰবাৰে মুখ্যমন্ত্ৰীয়ে পুনৰ মন্তব্য কৰে যে, প্ৰদুষণ নিয়ন্ত্ৰণ পৰিষদে যি জাননী জাৰি কৰিছিল সেয়া আছিল অসমৰ বাতাবৰণ আৰু জলবায়ু সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে যোৱা বছৰ প্ৰকাশ কৰা প্ৰতিবেদনৰ ভিত্তিত । কিন্তু যোৱাটো বছৰৰ পৰিবেশ এতিয়া নাই, সলনি হৈছে পৰিৱেশ । সেয়েহে এই বছৰৰ যি প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰে দাখিল কৰিব তাৰ আধাৰতহে সিদ্ধান্ত ল’ব চৰকাৰে । গতিকে দেৱালী হব বুলিও আওপকীয়াকৈ মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ।