ডিব্ৰুগড়: অনলাইন ট্ৰেডিং প্ৰৱঞ্চনাৰ গোচৰ অভিযুক্ত বিশাল, চুমী আৰু তাৰ্কিকক শুকুৰবাৰে পুনৰ অনা হয় ডিব্ৰুগড়ৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত । পিছে শুনানি সম্পূৰ্ণ নোহোৱাত ১৭ জানুৱাৰীত শুনানিৰ দিন ধাৰ্য কৰি নিশাই পুনৰ গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰা হয় তিনিওকে । ইতিমধ্যে বিশাল, চুমী, তাৰ্কিকক লৈ গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰ অভিমুখে ৰাওনা হৈছে বাহন ।
বিগত বৰ্ষত সংঘটিত হোৱা অনলাইন ট্ৰেডিঙৰ প্ৰৱঞ্চনাৰ ঘটনাই জোকাৰি গৈছিল ৰাজ্য । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে ডিব্ৰুগড় সদৰ থানাৰ লগতে আন কেইবাখনো থানাত ৰুজু হৈছিল অনলাইন ট্ৰেডিঙৰ প্ৰৱঞ্চনাৰ গোচৰ । অনলাইন ট্ৰেডিং প্ৰৱঞ্চনাৰ বিৰুদ্ধে ৰুজু হোৱা সকলো গোচৰ অসম আৰক্ষীয়ে চি বি আইলৈ হস্তান্তৰ কৰিছিল । ইয়াৰ পাছতে ডিব্ৰুগড়ত বাহৰ পাতি তদন্ত আৰম্ভ কৰিছিল চি বি আইৰ দলে ।
ডিব্ৰুগড় সদৰ থানাত ৰুজু হোৱা বিশাল ফুকন আৰু ৰঞ্জিত কাকতিক ট্ৰেডিং সম্পৰ্কীয় দুই গোচৰত তদন্ত কৰিছিল চি বি আয়ে । ইয়াৰ পাছতে যোৱা ২৫ অক্টোবৰত ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা বিশাল ফুকন, চুমী বৰা, তাৰ্কিক বৰা, ৰঞ্জিত কাকতিক চি বি আইৰ দলে নিজৰ জিম্মাত লৈ গুৱাহাটীলৈ লৈ গৈছিল । ইতিমধ্যে চি বি আয়ে ৰুজু কৰা গোচৰৰ পৰা জামিন লাভ কৰিছে ডিব্ৰুগড় আৰক্ষীয়ে অনলাইন ট্ৰেডিঙৰ প্ৰৱঞ্চনাৰ গোচৰত আটক কৰা বহু কেইজন অভিযুক্তই ।
কিন্তু ইয়াৰ মাজতে শুকুৰবাৰে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ পৰা ডিব্ৰুগড়লৈ অনা হয় চুমী, বিশাল আৰু তাৰ্কিকক । কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেদি পুনৰ ডিব্ৰুগড় পায়হি অনলাইন ট্ৰেডিং কেলেংকাৰীত জড়িত চুমী বৰা, বিশাল ফুকন আৰু তাৰ্কিক বৰা । ডিব্ৰুগড়ৰ বৰবৰুৱা থানা আৰু দুলীয়াজান থানাৰ গোচৰত গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ অনা হয় তিনিওকে ।
বৰবৰুৱা থানাৰ ৮৫/২৪ নং আৰু দুলীয়াজান থানাৰ ১৯৮/২৪ নং গোচৰত শুনানিৰ বাবে অনা হয় ডিব্ৰুগড়লৈ । শুকুৰবাৰে বিয়লি গুৱাহাটীৰ পৰা পোনে পোনে তিনিওজনকে হাজিৰ কৰোৱা হয় ডিব্ৰুগড়ৰ জিলা সত্ৰ ন্যায়াধীশৰ আদালতত । আদালতত হাজিৰ কৰোৱাৰ পাছত পুনৰ তিনিওকে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰলৈ লৈ যোৱা হয় ।
কেতিয়া ডিব্ৰুগড় আৰক্ষীৰ জালত পৰিছিল বিশাল ফুকন:
যোৱা বৰ্ষৰ ২ ছেপ্টেম্বৰত ডিব্ৰুগড়ৰ প্ৰৱাঞ্জলী এপাৰ্টমেণ্টৰ নিবাসী বিশাল ফুকনক ডিব্ৰুগড় আৰক্ষীয়ে আটক কৰিছিল । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশত ডিব্ৰুগড় সদৰ আৰক্ষীয়ে নিজাকৈ গোচৰ ৰুজু কৰি তদন্ত কৰিছিল । ডিব্ৰুগড় সদৰ থানাত 352/24 নম্বৰত গোচৰ পঞ্জীয়ন কৰি Section 316 and 318 BNS Section 21/23 Banning of unregulated deposit scheme Act ৰ অধীনত বিশাল ফুকনক ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল আদালতে ।
ইয়াৰ পাছতে বিশাল ফুকনৰ সহযোগী হিচাপে বিবেচিত হোৱা অভিনেত্ৰী চুমী বৰা, তেওঁৰ ফটোগ্ৰাফাৰ স্বামী তাৰ্কিক আৰু অম্লান বৰাক গ্ৰেপ্তাৰ কৰি কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল ।
বিশাল, চুমী, তাৰ্কিকৰ পৰৱৰ্তী শুনানিৰ দিন ১৭ জানুৱাৰীত নিৰ্ধাৰণ:
অধিবক্তাই এই সন্দৰ্ভত কয়,"ডিব্ৰুগড় জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত বিশাল, চুমী আৰু তাৰ্কিকৰ বিৰুদ্ধে ডিব্ৰুগড় বৰবৰুৱাৰ থানাৰ ৮৫/২৪ আৰু দুলীয়াজান থানাৰ ১৯৮/২৪ নম্বৰত পঞ্জীভূত গোচৰত শুনানিৰ বাবে গুৱাহাটীৰ পৰা আনি তিনিওকে হাজিৰ কৰা হৈছিল যদিও শুনানি সম্পূৰ্ণ নহ'ল । সময়ৰ প্ৰতি লক্ষ্য ৰাখি শুনানি প্ৰক্ৰিয়া আধাতে স্থগিত ৰাখে আদালতে । পৰৱৰ্তী শুনানিৰ দিন ১৭ জানুৱাৰীত নিৰ্ধাৰণ কৰা হৈছে ।" ইয়াৰ পিছতে চুমী, বিশাল আৰু তাৰ্কিকক পুনৰ গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰলৈ লৈ যোৱা হয় ।