ETV Bharat / state

মুখ্যমন্ত্রীৰ অভিযোগক লৈ অগ্নিশৰ্মা অখিল গগৈ, পত্নীৰ চাকৰি আৰু ঘৰ এৰি দিবলৈ প্ৰস্তুত, প্ৰমাণ কৰাৰ বাবে প্ৰত্যাহ্বান - AKHIL GOGOI CHALLENGES ASSAM CM

অখিল গগৈক ঘৰত কোনে গালি পাৰিলে ? ঘৰত বহুত ডাঙৰ কাজিয়াৰ কাৰণ কি ? জানিবলৈ পঢ়ক...

AKHIL GOGOI CHALLENGES CM
মুখ্যমন্ত্ৰীক প্ৰত্য়াহ্বান বিধায়ক অখিল গগৈৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Feb 21, 2025, 4:56 PM IST

গুৱাহাটী : বিগত কেইবাদিন ধৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ মাজত চলা বাকযুদ্ধ তুংগত উঠিছে । বিধানসভাৰ মজিয়াত বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদন প্ৰকাশ পোৱাৰ পিচতেই আৰম্ভ হোৱা অভিযোগ-প্ৰতিঅভিযোগে এতিয়া গতি কৰিছে অন্য়ফালে ।

দম আছে যদি তদন্ত কৰক :

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে বিধানসভাত উত্থাপন কৰা কেতবোৰ অভিযোগ সন্দৰ্ভত শুকুৰবাৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰি বিধায়ক অখিল গগৈয়ে কয়," আমি দম থকা মানুহ,হিমন্ত বিশ্ব শৰ্মাক ভয় কৰা মানুহ নহয় । দম আছে যদি তদন্ত কৰক আৰু নিজৰ সম্পত্তিৰ ওপৰতো তদন্ত কৰক ।" ক্ষোভ আৰু আৱেগৰ মাজতে বিধায়ক অখিল গগৈয়ে আজি পুনৰ মুখ্যমন্ত্রীক প্ৰত্যাহ্বান জনায় । অসম বিধানসভাৰ আজি চতুৰ্থ দিনা অখিল গগৈক সদনৰ পৰা নিলম্বন কৰাৰ পাছতে সংবাদ মাধ্যমৰ আগত এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে ।

মুখ্যমন্ত্ৰীক প্ৰত্য়াহ্বান বিধায়ক অখিল গগৈৰ (ETV Bharat Assam)

মুখ্যমন্ত্রীয়ে উত্থাপন কৰা অভিযোগ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি অখিল গগৈয়ে কয়, "মোৰ পত্নী গীতাশ্ৰী তামুলীৰ চাকৰিৰ নিযুক্তিত কিবা কেলেংকাৰী আছে যদি তদন্ত কৰাৰ বাবে মই মুখ্যমন্ত্রীক কালি প্ৰত্যাহ্বান জনাইছিলো । ঘৰত গৈ কালি ৰাতি আৰু আজি পুৱা মই বহুত গালি খাইছো । গোটেই ৰাতি টোপনি ক্ষতি । ঘৰত বহুত ডাঙৰ কাজিয়া । পত্নীয়ে কৈছে মোৰ কাৰণে তেওঁৰ মৰ্যদা হানি হৈছে ।"

তেওঁ পুনৰ কয়," আজি মোৰ পত্নীয়ে অধ্যক্ষ আৰু উচ্চ শিক্ষাৰ সঞ্চালকৰ ওচৰত ঘটনাটোৰ তদন্ত বিচাৰি আৰু তদন্ত কৰাৰ সময়খিনিত তেওঁক চাকৰিৰ পৰা আঁতৰাই ৰখাৰ বাবে আবেদন কৰিছে । চাকৰিটো পোৱাৰ ক্ষেত্রত কিবা অনিয়ম হৈছে নেকি তাৰ তদন্ত বিচাৰি মোৰ পত্নীয়ে আবেদন কৰিছে । আমি চাকৰি এৰি দিম । সেইবোৰ টেনচন নাই । এটাই অসুবিধা যে ল'ৰাটোক পঢ়াই আছো । লাগিলে ঘৰটো বিক্ৰী কৰি দিম । "

মোৰ ঘৰ নহয়, মোৰ পত্নীৰ ঘৰ :

বিধায়ক অখিল গগৈয়ে ঘৰটো কেলেংকাৰী কৰি লোৱা বুলি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্য় সন্দৰ্ভত বিধায়কগৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়," মুখ্যমন্ত্রীয়ে কালি কৈ আছিল যে মই ঘৰটো কেলেংকাৰী কৰি লৈছো । হাৱাই ছেণ্ডেল পিন্ধা মানুহে ঘৰটো কেলেংকাৰী কৰি লৈছে । মই মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক আকৌ এবাৰ প্ৰত্যাহ্বান জনাইছো যে মই যিটো ঘৰত থাকো সেইটো মোৰ ঘৰ নহয়, মোৰ পত্নীৰ ঘৰ । এই ঘৰটো ক্ৰয় কৰোতে যদি এটকাৰো কেলেংকাৰী হৈছে তেন্তে তদন্ত কৰাৰ বাবে মই আহ্বান জনাইছো । তদন্ত কৰি দোষী হ'লে ঘৰটো লৈ থওক আৰু দোষী নহ'লে মুখ্যমন্ত্রীয়ে বিচাৰিলে তেওঁকে ঘৰটো দি দিম । ১৪ লেচাৰ এচলীয়া ঘৰ এটা । মোৰ পত্নীয়ে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাতকৈ বেছি দৰমহা পায় । ৬০ বছৰ পুৰণি ঘৰ এটা ক্ৰয় কৰিছো, এতিয়ালৈকে বনাব পৰা নাই ।"

অখিল গগৈয়ে লগতে কয়," সকলোৱে জানে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ আয়তকৈ বহু বেছি সম্পত্তি গঢ়িছে । মই মোৰ পত্নীৰ ঘৰটোৰ ওপৰত তদন্ত দিবলৈ মুখ্যমন্ত্রীক দাবী জনাইছো । লগতে মই মুখ্যমন্ত্রীক তেওঁৰ তদাৰকী কোষৰ জৰিয়তে তেওঁৰ স্থাৱৰ-অস্থাৱৰ সম্পত্তিৰ তথা আয়বৰ্হিভূত সম্পত্তিৰ তদন্ত কৰিবলৈ প্ৰত্যাহ্বান জনাইছো । এই দুয়োটা তদন্ত কৰাৰ বাবে মই আজি বা কাইলৈ মুখ্যমন্ত্রীক এখন পত্র দি দিম । মোৰ পত্নীৰ চাৰকিটোৰ ওপৰত তদন্ত কৰাৰ বাবে ময়ো চিঠি দিম ।"

মোৰ পত্নী গোল্ড মেডেলিষ্ট

মুখ্যমন্ত্রীক কঠোৰ ভাষাৰে সমালোচনা কৰি অখিল গগৈয়ে কয়," খং উঠি থকাৰ বাবে কৈছো । ক'বলৈ বেয়া পাও হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা ১৪ বাৰ জন্ম ল'লেও মোৰ পত্নী কি হয়, কিমান পঢ়া-শুনা মানুহ এবাৰ তেওঁ বুজি লওক । মোৰ পত্নীয়ে চাকৰি পোৱা সময়ত হিমন্ত বিশ্ব শৰ্মা শিক্ষামন্ত্রী আছিল । হিমন্ত বিশ্ব শৰ্মাৰ কথা মতে তৰুণ গগৈয়ে তদন্ত দিছিল যদিও একো নাপালে । ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত মোৰ পত্নী গোল্ড মেডেলিষ্ট আছিল । বেলেগ কথা বাদ দিয়ক আমাৰ লাইব্ৰেৰীটো হিমন্ত বিশ্ব শৰ্মাই চালে হাৰ্টফেইল কৰিব । মোৰ পত্নীয়ে কি কিতাপ পঢ়ে এবাৰ চাই আহিলে তেওঁ হাৰ্টফেইল কৰি যাব । তেওঁ পইচাৰহে দুই নম্বৰী জানে, পঢ়াৰ কিতাপৰ বিষয়ে নাজানে । আমাৰ লাইব্ৰেৰীটো এবাৰ চাই আহক ।"

মুখ্যমন্ত্রীতকৈ মোৰ পত্নীয়ে বেছিকৈ দৰমহা পায় :

মুখ্যমন্ত্রীক প্ৰত্যাহ্বান জনাই অখিল গগৈয়ে কয়," ঘৰটোৰ বাবে মোৰ পত্নীয়ে ৬০ লাখ টকাৰ লোন লৈছে, ৫০ লাখ টকাৰ চেক দিছে । ১৪ লেচাৰ মাটিৰ এচলীয়া ঘৰটোত পানী পৰা বাবে আজি এসপ্তাহ আগতে টিনপাত সলনি কৰিছো । মোৰ পত্নীয়ে ১৯৯৪ চনৰ পৰা চাকৰি কৰে,কলেজৰ শিক্ষক । মুখ্যমন্ত্রীতকৈ মোৰ পত্নীয়ে বেছিকৈ দৰমহা পায় । ইমান দৰমহা পোৱাৰ পাছতো আমাৰ এচলীয়া ঘৰ এটা আছে । মুখ্যমন্ত্রীৰ গোটেই অসমত কিমান সম্পত্তি আছে এবাৰ তেওঁ নিজে আঠুৱাৰ তলত ভাবি লওক । আমি দম থকা মানুহ,আমি হিমন্ত বিশ্ব শৰ্মাক ভয় কৰা মানুহ নহয় । দম আছে যদি তদন্ত কৰক আৰু নিজৰ সম্পত্তিৰ ওপৰতো তদন্ত কৰক ।"

লগতে পঢ়ক:প্ৰসংগ পত্নীৰ চাকৰিৰ বৈধতা : মুখ্যমন্ত্ৰীক অভিযোগ প্ৰমাণ কৰাৰ প্ৰত্যাহ্বান অখিল গগৈৰ - AKHIL GOGOI CHALLENGES ASSAM CM

অখিল গগৈৰ পত্নীৰ চাকৰিক লৈ বিধানসভাত সৰৱ মুখ্যমন্ত্ৰী - ASSAM BUDGET SESSION 2025

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.