গুৱাহাটী: অসম বিধানসভাৰ অধিৱেশন চলি থকাৰ সময়তে বৃহস্পতিবাৰে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনক আক্ৰমণ কৰে এটা দুৰ্বৃত্তৰ দলে । নগাঁৱৰ ৰূপহীত দিন দুপৰতে সংঘটিত এই ঘটনাটোক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ । এই ঘটনাৰ প্ৰতিবাদত আজি ৰাজীৱ ভৱনৰ চৌহদ উত্তাল কৰি তোলে কংগ্ৰেছ প্ৰতিবাদকাৰীয়ে ।
সাংসদ ৰকিবুল হুছেইনৰ ওপৰত হোৱা আক্ৰমণৰ প্ৰতিবাদত আজি গুৱাহাটীৰ ৰাজীৱ ভৱনৰ সন্মুখত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হয় । ' বিজেপি চৰকাৰ হায় হায়,' 'বিজেপিৰ অপশাসন নচলিব',' মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা গ' বেক', 'বিজেপি চৰকাৰ মুৰ্দাবাদ' আদি বিভিন্ন শ্ল'গানেৰে প্ৰতিবাদকাৰীসকলে ৰাজীৱ ভৱনৰ চৌহদ উত্তাল কৰে । প্ৰতিবাদকাৰীসকলে সাংসদ ৰকিবুল হুছেইন আৰু তেওঁৰ পুত্র তানজিল হুছেইনৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাক কঠোৰ ভাষাৰে নিন্দা কৰে ।

সাংসদৰ নিৰাপত্তাক লৈ প্ৰশ্ন ৰিপুণ বৰাৰ :
এই সন্দৰ্ভত প্ৰাক্তন সাংসদ ৰিপুণ বৰাই কয়, " এগৰাকী সাংসদৰ ওপৰত হোৱা আক্ৰমণৰ এই ঘটনা সাধাৰণ ঘটনা নহয় । এই ঘটনাক আমি তীব্ৰ গৰিহণা দিছো । সাংসদ ৰকিবুল হুছেইনৰ প্ৰাণৰ সংশয় থকাৰ পাছতো নিৰাপত্তা ব্যৱস্থা বৃদ্ধি কৰা নাই । তেওঁক নিৰাপত্তা দিয়াটো আৰক্ষীৰ দায়িত্ব আছিল । ইয়াত মুখ্যমন্ত্রীৰ হাত আছে, বিজেপিৰ হাত আছে । বিজেপিয়ে ভাবিছে এনেকুৱা সন্ত্রাস সৃষ্টি কৰি আমি ইয়াত জংঘলৰাজ কৰিম । কাৰণ ২০২৬ত তেওঁলোকে নিৰ্বাচন জিকিব নোৱাৰে । গতিকে এই গুণ্ডাৰাজৰ যোগেদি তেওঁলোকে নিৰ্বাচন জিকাৰ সপোন দেখিছে ।"
হিমন্ত বিশ্ব শৰ্মাক উৎখাত কৰাৰ সংকল্প :
তেওঁ পুনৰ কয়," তেওঁলোকে কংগ্ৰেছ কৰ্মীক ভীতিগ্ৰস্ত কৰিব বিচাৰিছে । আমি কংগ্ৰেছ কৰ্মীয়ে হিমন্ত বিশ্ব শৰ্মাক সকীয়াই দিছো যে এনেকুৱা ঘটনাই কংগ্ৰেছ কৰ্মীক ভীতিগ্ৰস্ত কৰিব নোৱাৰে। কংগ্ৰেছে কেতিয়াও ভয় কৰা নাই । হিমন্ত বিশ্ব শৰ্মাক কংগ্ৰেছ কৰ্মীয়ে ভয় নকৰে । ২০২৬ত আমি হিমন্ত বিশ্ব শৰ্মাক উৎখাত কৰাৰ সংকল্প লৈছো ।"
সাংসদ ৰকিবুল হুছেইনক আক্ৰমণৰ ঘটনাত জড়িতক গ্ৰেপ্তাৰ কৰা প্ৰসংগত তেওঁ লগতে কয়, " অপৰাধীক চিনাক্ত কৰাটো ডাঙৰ কথা নহয় । অপৰাধী চিনাক্ত হ'বই । ডাঙৰ কথাটো হৈছে যে ঘটনাটো কেনেকৈ সংঘটিত হ'বলৈ পালে । ঘটনাটো কিয় হ'ল ? চোৰাংচোৱা ক'ত আছিল ? উদ্দেশ্যপ্ৰণোদিতভাৱে বিজেপি চৰকাৰে আমাৰ সাংসদগৰাকীৰ ওপৰত আক্ৰমণ কৰি কংগ্ৰেছ কৰ্মীৰ মনোবল ভাঙিব বিচাৰিছে । কিন্তু তেওঁলোকে মূৰ্খৰ স্বৰ্গত বাস কৰিছে ।"
গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছৰ উদ্যোগত আৰু প্ৰদেশ কংগ্ৰেছৰ সহযোগত আয়োজন কৰা এই প্ৰতিবাদী কাৰ্যসূচীত প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰা, উপ-সভানেত্ৰী ববীতা শৰ্মা, উপ-সভাপতি নৃপেন ঠাকুৰীয়া, গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছৰ সভাপতি গোপাল শৰ্মাৰ লগতে প্ৰদেশ কংগ্ৰেছ আৰু জিলা কংগ্ৰেছৰ ভালেসংখ্যক নেতৃবৃন্দই অংশ গ্ৰহণ কৰে ।