চাইনাচাইটিছ হৈছে এক সাধাৰণ স্বাস্থ্যজনিত সমস্যা য’ত চাইনাছ অৰ্থাৎ নাকৰ ভিতৰৰ ফুটা ঠাইবোৰ ফুলি উঠে ৷ এই ফুলা প্ৰায়ে সংক্ৰমণ, এলাৰ্জী বা আন কোনো কাৰণত হয় ৷ এই সমস্যাই ব্যক্তিজনৰ উশাহ-নিশাহ লোৱাত অসুবিধা, মূৰৰ বিষ, মুখত গধুৰ হোৱা আদি লক্ষণৰ জন্ম দিয়ে ৷ ঔষধৰ লগতে কিছুমান চিকিৎসা পদ্ধতিও চাইনাচাইটিছৰ পৰা সকাহ পোৱাত সহায়ক হ’ব পাৰে, ইয়াৰে এটা হ’ল ক্ৰাইঅ’ ৰেডিঅ’ ফ্ৰিকুৱেন্সি ৷
- চাইনাচাইটিছৰ কাৰণ, লক্ষণ আৰু প্ৰভাৱ
ই এন টি বিশেষজ্ঞ ডাঃ হৰবিন্দৰ সিং কৌৰৰ ইটিভি ভাৰতৰ সৈতে হোৱা এটি আছুতীয়া সাক্ষাৎকাৰ তেওঁ কয় যে, বেক্টেৰিয়া বা ভাইৰাছৰ সংক্ৰমণ মূলতঃ চাইনাচাইটিছৰ বাবে দায়ী ৷ ইয়াৰ বাহিৰেও বিভিন্ন ধৰণৰ এলাৰ্জী, নাকত যিকোনো ধৰণৰ ব্লক হোৱা, বা সঘনাই চৰ্দি হ’লেও চাইনাচাইটিছ হ’ব পাৰে ৷
চিকিৎসকগৰাকীয়ে কয় যে, চাইনাচাইটিছে ব্যক্তিৰ দৈনন্দিন জীৱনতো খুবেই প্ৰভাৱ পেলায় ৷ যদি এই সমস্যাটো বহুদিনলৈ আওকাণ কৰা হয়, তেন্তে এই সমস্যাটোৱে পিছলৈ ক্ৰনিক চাইনাচাইটিছৰ ৰূপো ল’ব পাৰে, যাৰ বাবে অস্ত্ৰোপচাৰৰ প্ৰয়োজন হ’ব পাৰে ৷
- লক্ষণ
- চাইনাচাইটিছৰ কিছুমান প্ৰধান লক্ষণ তলত দিয়া ধৰণৰ ৷
- মূৰৰ বিষ আৰু মূৰ গধুৰ হোৱা
- নাক বন্ধ বা বোৱা
- গোন্ধ চিনাৰ ক্ষমতা হ্ৰাস পায়
- মুখত বিষ বা চাপ
- সঘনাই কাহ বা ডিঙিৰ বিষ আদি
- ক্ৰাইঅ’ ৰেডিঅ’ ফ্ৰিকুৱেন্সি কি ?
ডাঃ হৰবিন্দৰ সিং কৌৰে বুজাইছে যে নাকৰ ভিতৰৰ অংশ মেৰামতি কৰি চাইনাচাইটিছৰ পৰা সকাহ দিবলৈ ক্ৰাইঅ’ ৰেডিঅ’ ফ্ৰিকুৱেন্সি ট্ৰিটমেণ্ট ব্যৱহাৰ কৰা হয় ৷ ইয়াত ঠাণ্ডা ৰেডিঅ’ ফ্ৰিকুৱেন্সি শক্তি ব্যৱহাৰ কৰা হয়, যাৰ ফলত প্ৰদাহ আৰু ব্লক কম হয় ৷
এই প্ৰক্ৰিয়াত এটা সৰু যন্ত্ৰৰ সহায়ত ৰেডিঅ’ ফ্ৰিকুৱেন্সি শক্তি নাকৰ ভিতৰলৈ প্ৰেৰণ কৰা হয় ৷ এই শক্তিয়ে আক্ৰান্ত কলাবোৰ শীতল কৰি ফুলা আৰু সংক্ৰমণ হ্ৰাস কৰে ৷
উপকাৰ আৰু সাৱধানতা
চিকিৎসকগৰাকীয়ে কয় যে, এইটো এক অনাক্ৰমণীয় পদ্ধতি, অৰ্থাৎ ইয়াৰ বাবে কোনো ডাঙৰ ছিদ্ৰ বা অস্ত্ৰোপচাৰৰ প্ৰয়োজন নাই ৷ আৰোগ্য লাভৰ সময় খুব কম হয়, বিষ বা অস্বস্তি কম হয় আৰু এবাৰ কৰিলে ৰোগীয়ে দীৰ্ঘদিনলৈ সকাহ পাব পাৰে ৷ কিন্তু ই এক নিৰাপদ পদ্ধতি যিয়ে ৰোগীক দীৰ্ঘম্যাদী সকাহ দিব পাৰে ৷ কিন্তু এই পদ্ধতি সকলো চাইনাচাইটিছ ৰোগীৰ বাবে উপযোগী হ’বই লাগিব বুলি ক’ব নোৱাৰি ৷ কিছুমান বিশেষ পৰিস্থিতিত চিকিৎসকে কামটো কৰিবলৈও অস্বীকাৰ কৰিব পাৰে ৷
ডাঃ হৰবিন্দৰ সিং কৌৰে কয় যে, চাইনাচাইটিছৰ লক্ষণসমূহ বুজি পোৱা আৰু সমস্যাটোক আওকাণ কৰাৰ পৰিৱৰ্তে সময়মতে চিকিৎসা আৰু অন্যান্য সাৱধানতা অৱলম্বন কৰাটো অতি প্ৰয়োজনীয় ৷ চাইনাচাইটিছৰ চিকিৎসাৰ বাবে চিকিৎসকে এন্টিবায়টিক বা এন্টি-হিষ্টামিন ঔষধ আৰু নাকৰ স্প্ৰে বা ভাপ থেৰাপী আদিৰ পৰামৰ্শ দিয়ে ৷ কিন্তু এইবোৰৰ বাহিৰেও কিছুমান সাৱধানতা আছে যিবোৰ চাইনাচাইটিছ প্ৰতিৰোধ আৰু পৰিচালনা কৰিবলৈ ল’ব পাৰি ৷ ইয়াৰে কিছুমান তলত দিয়া ধৰণৰ ৷
- আপোনাৰ এলাৰ্জী বুজিব আৰু বতৰ, সূৰ্য্যৰ ৰশ্মি, ধূলি, ছাই বা আৰ্দ্ৰতা আদিৰ প্ৰতি এলাৰ্জী থকাসকলে এলাৰ্জীৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰিব লাগে আৰু প্ৰদূষণৰ পৰা আঁতৰি থাকিব লাগে ৷
- দীৰ্ঘদিন ধৰি থকা চৰ্দি বা সঘনাই চৰ্দি হ’লে আওকাণ নকৰিব, আৰু চিকিৎসকৰ ওচৰত নিজকে পৰীক্ষা কৰি চিকিৎসা কৰাব লাগে ৷
- হাইড্ৰেটেড হৈ থাকক আৰু সঠিক খাদ্য আৰু ব্যায়ামৰ নিয়ম মানি চলে যাতে আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয় ৷
(সতৰ্কীকৰণ: এই প্ৰতিবেদনত আপোনাক দিয়া সকলো স্বাস্থ্য তথা জীৱনশৈলী সম্পৰ্কীয় যিকোনো তথ্য আৰু পৰামৰ্শ কেৱল আপোনাৰ সাধাৰণ তথ্যৰ বাবেহে আগবঢ়োৱা হৈছে । আমি এই তথ্য বৈজ্ঞানিক গৱেষণা, অধ্যয়ন, চিকিৎসা আৰু স্বাস্থ্য পেছাদাৰী পৰামৰ্শৰ ভিত্তিত প্ৰদান কৰিছো । আপুনি এই উপায় বা পদ্ধতি অনুসৰণ কৰাৰ আগতে এই বিষয়ে বিতংভাৱে জনাটো উচিত তথা আপোনাৰ ব্যক্তিগত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো উচিত ।)
লগতে পঢ়ক