যোৰহাট : শেহতীয়াকৈ যোৰহাটৰ তিতাবৰত উৎপাদিত চাউলত ধৰা পৰিছে আৰ্ছেনিক । যাক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে । অৱশ্যে এই খবৰে তিতাবৰৰ কৃষকসকলক উদ্বিগ্ন কৰি তুলিছে ।
এজন কৃষকে এই সন্দৰ্ভত কয়, "তিতাবৰ চাউলত আৰ্ছেনিক থকা বিষয়টো এতিয়া সৰ্বত্ৰে প্ৰচাৰ চলিছে, এই কথাটো সঁচা বুলি পতিয়ন যাবলৈ আমাৰ অসুবিধা হৈছে ৷ কাৰণ তিতাবৰৰ যিবোৰ খেতিপথাৰ আছে, তাত বছৰত মাত্ৰ এটাই খেতি কৰে আৰু সেয়া বৰষুণৰ পানীৰ ওপৰত নিৰ্ভৰ কৰিয়েই খেতি কৰা হয় । বৰষুণৰ পানীত কেতিয়াও আৰ্ছেনিক থাকিব নোৱাৰে বুলি আমি ভাবো ।"
কৃষকজনে কয়, "তিতাবৰৰ চাউল এটা বিশেষ সমাদৰ আছে, সমগ্ৰ অসমতে তিতাবৰৰ চাউল বিখ্যাত । গতিকে ইয়াৰ সমাদৰ নাইকীয়া কৰিবলৈ ই এটা গভীৰ ষড়যন্ত্ৰ বুলি আমি অনুভৱ কৰিছো ।" তেওঁ দাবী কৰা মতে তিতাবৰৰ কৃষকে খেতিত ভূ-গৰ্ভস্থ পানী ব্যৱহাৰ নকৰে ।
তেওঁ কয়, "কৃষি গৱেষণা কেন্দ্ৰত তেওঁলোকে হয়তো মাটিৰ তলৰ পানী ব্যৱহাৰ কৰিব পাৰে, কিন্তু বাকী পথাৰসমূহত আৰু যিসমূহ স্থানত তেওঁলোকে পৰীক্ষা কৰি আৰ্ছেনিক আছে বুলি কৈছে সেই স্থানত কৃষকে মাটিৰ তলৰ পানী ব্যৱহাৰ কৰি খেতি কৰা আমি আজি পৰ্যন্ত দেখিবলৈ পোৱা নাই । বৰঞ্চ বৰষুণৰ পানীৰ ওপৰতে নিৰ্ভৰ কৰি আমাৰ কৃষকে খেতি কৰিছে । বৰষুণৰ পানীৰে কৰা ধানত কেতিয়াও আৰ্ছেনিক থাকিব পাৰে বুলি আমি নাভাবো । এয়া তিতাবৰৰ কৃষকসকলৰ প্ৰতি এক প্ৰত্যাহ্বানৰ বাহিৰে একো হ'ব নোৱাৰে ।"
তেওঁৰ মতে, তিতাবৰৰ ধান বা চাউলৰ সমাদৰ নাইকীয়া কৰিবলৈ গভীৰ ষড়যন্ত্ৰ চলিছে । গতিকে ইয়াৰ সঠিক তদন্তৰ প্ৰয়োজন বুলি তেওঁ দাবী কৰে । তেওঁ আৰু কয়, "প্ৰকৃতাৰ্থত ইয়াৰ এক গৱেষণা হ'ব লাগে । কেৱল চাউলেই নহয় তিতাবৰত যিবোৰ কৃষি আছে যেনে-তামোল, পাণ, নাৰিকল, জলকীয়া আদিতো আৰ্ছেনিক ধৰা পৰিলেহেঁতেন কিন্তু উক্ত গৱেষণাত প্ৰকৃত তথ্য লোৱা নাই । সেয়ে ধানৰ ভঁৰাল স্বৰূপ তিতাবৰত আৰ্ছেনিক ওলোৱা কথাটো আমি এক প্ৰকাৰ প্ৰত্যাহ্বান জনাইছো ।"
উল্লেখ্য যে, অসম কৃষি বিশ্ববিদ্যালয়ৰ ভূমি বিজ্ঞান বিভাগৰ অধ্যাপক ডঃ সমীৰণ দত্তৰ নেতৃত্বত শিক্ষাৰ্থী এটা গোটৰ ২ বছৰীয়া গৱেষণাত তিতাবৰৰ চাউলত আৰ্ছেনিক ৩ ধৰা পৰিছিল । উক্ত গৱেষণাত ০.৫ৰ পৰা ০.৮ মিলিগ্ৰাম আৰ্ছেনিক আছে বুলি কোৱা হৈছিল ।