ঢোল-পেঁপাৰ সুৰৰ লহৰত মুখৰিত কলকাতাৰ ৰবীন্দ্ৰ ভৱন - শিল্প সংস্কৃতি মহোৎসৱ ২০২১
🎬 Watch Now: Feature Video
কলকাতা ৰবীন্দ্ৰ ভৱন (Kolkata Rabindra Bhawan)ত আৱতৰীয়া বিহু ৷ ঢোলৰ গুমগুমনি আৰু ম'হৰ শিঙৰ পেঁপাৰ লহৰ তুলি হেজাৰ দৰ্শকৰ মন মুহিলে গোৱালপাৰা জিলাৰ আগিয়াৰ পৰা যোগদান কৰা এটা বিহুৱা দলে । কলকাতা ৰবীন্দ্ৰ ভৱনৰ পৰা বিহু দলটোৰ পৰিচালক অনুপ চৌধুৰীয়ে ইটিভি, ভাৰতক জানিৱলৈ দিয়ে যে, পশ্চিমবংগৰ সাংস্কৃতিক সঞ্চালকালয়ে (Cultural Affairs Department West Bengal) ৰবীন্দ্ৰ ভৱনত বিগত ৬ ডিচেম্বৰৰ পৰা ১৮ ডিচেম্বৰ লৈ দহ দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰে "শিল্প-সংস্কৃতি মহোৎসৱ ২০২১" (Art and Culture Festival 2021) ৷ উক্ত সাংস্কৃতিক মহোৎসৱত উত্তৰ-পূৱৰ কেইবাটাও সাংস্কৃতিক দলৰ লগতে গোৱালপাৰা জিলাৰ আগিয়াৰ পৰা যোগদান কৰা ১১ জনীয়া এটা বিহুৱা দলেও অংশগ্ৰহণ কৰে ৷ শিল্প-সংস্কৃতি মহোৎসৱ ২০২১ ৰ অন্তিম দিনা অৰ্থাৎ শনিবাৰে উদ্যোগতা সমিতিয়ে বিশেষভাৱে সম্বৰ্ধনা জনাই বিহুৰ দলটোক ৷ তাৰ পাচতেই চমক পদ বিহু নৃত্য প্ৰদৰ্শন কৰি দৰ্শকক আপ্লুত কৰিবলৈ সক্ষম হয় অসমৰ বিহুৱা দলটোৱে ৷