ধোদৰ আলি পথ মেৰামতিত ব্যাপক দুৰ্নীতিৰ অভিযোগ

By

Published : Sep 29, 2021, 10:35 AM IST

thumbnail
আমগুৰিত লোকনিৰ্মাণ বিভাগ(PWD Department)ৰ পথ নিৰ্মাণত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন ৷ প্ৰায় 8 কোটি টকা ব্যয়েৰে মেৰামতি কৰি থকা ধোদৰ আলি(Dhodar Ali) পথটোত বখলা-বখলে এৰিবলৈ ধৰিছে ব্লেক টেপিং ৷ আমগুৰি জাঁজী দলঙৰ পৰা চামগুৰিলৈকে নিৰ্মাণৰত পথটোৰ ব্লেক টেপিং এৰি যোৱাত দুৰ্ঘটনা সংঘটিত হোৱাৰো অভিযোগ উঠিছে । ঠিকাদাৰে অতি নিম্নমানেৰে পথ নিৰ্মাণ কৰা পাচতো আমগুৰি লোক নিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তাই কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাত ক্ষোভিত হৈ পৰিছে সচেতন ৰাইজ ৷ সেয়েহে ৰাইজৰ লগতে আহোম জাতীয় গণমঞ্চ, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু সদৌ টাই আহোম ছাত্ৰ সন্থাই পথ নিৰ্মাণত অনিয়ম সংঘটিত কৰা ঠিকাদাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে । চাওক এই সন্দৰ্ভত সংবাদদাতা সমীৰণ দুৱৰাৰ এক প্ৰতিবেদন...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.