ৰঙিয়াত অগপ-বিজেপিৰ মত বিনিময় অনুষ্ঠান

By

Published : Mar 15, 2021, 7:57 PM IST

thumbnail
ৰঙিয়াত অগপ-বিজেপিৰ মত বিনিময় অনুষ্ঠান । এই অনুষ্ঠানত অগপৰ ৰঙিয়া বিধান পৰিষদৰ প্ৰতিটো আঞ্চলিকৰ সভাপতি, সম্পাদক আৰু কৰ্মকৰ্তাৰ লগতে সমষ্টিটোৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ভৱেশ কলিতাই অংশগ্ৰহণ কৰে । ইউপিপিএল, অগপ আৰু বিজেপিয়ে আগন্তুক নিৰ্বাচনৰ বাবে ৰণকৌশল প্ৰস্তুত কৰিছে বুলি মন্তব্য মন্ত্ৰী ভৱেশ কলিতাৰ । লগতে বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ গোৰেশ্বৰলৈ অহাৰ কথা সদৰী কৰে বিজেপিৰ প্ৰাৰ্থী গৰাকীয়ে । অগপৰ পূৰ্ণ সমৰ্থন আছে ভৱেশ কলিতাৰ প্ৰতি । মহাজোঁটৰ প্ৰাৰ্থী ডাঃ ভগবান দেৱ মিশ্ৰ কোনো ফেক্টৰ নহয় বুলি আখ্যা অগপ কৰ্মীৰ । অনাগত দিনত ভৱেশ কলিতাৰ হৈ প্ৰচাৰ চলাবলৈ সাজু হৈছে ৰঙিয়াৰ অগপ কৰ্মীসকল ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.