চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বুধবাৰৰ পৰা আৰম্ভ হৈছে সদৌ অসম ছাত্ৰ সন্থাৰ সপ্তদশ দুলীয়াজান অধিৱেশন ৷ অধিৱেশনৰ প্ৰথম কাৰ্যসূচী হিচাপে ফিটা কাটি মূল প্ৰৱেশদ্বাৰ অৰ্থাৎ তোৰণ মুকলি কৰে দুলীয়াজান মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ পূৰ্ণকান্ত হাজৰিকাই ৷ উক্ত কাৰ্যসূচীত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ কেইবাজনো কেন্দ্ৰীয় বিষয়ববীয়াৰ লগতে ৰাজ্যৰ বহু কেইজন বিশিষ্ট ব্যক্তি । অধিৱেশনক কেন্দ্ৰ কৰি আছু কৰ্মীসকলৰ মাজত দেখিবলৈ পোৱা গৈছে ব্যাপক উচাহ ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা আছুকৰ্মীসকলৰ উপস্থিতিয়ে অধিৱেশনস্থলীত সৃষ্টি কৰিছে উদুলি-মুদুলি পৰিৱেশ ৷