শংকৰ আজানৰ নীতি অক্ষুন্ন ৰখাৰ প্ৰচেষ্টা নাহৰ সমন্নয় গোষ্ঠীৰ - nahar samannaya group workshop
🎬 Watch Now: Feature Video
বিভিন্ন জনগোষ্ঠীয় লোকৰে সমন্নয়ৰ ভেটি সুদৃঢ় কৰাৰ চেষ্টাত নাহৰ সমন্নয় গোষ্ঠীৰ প্ৰশংসনীয় পদক্ষেপ । হোজাই জিলাত সমন্বয়ৰ বাৰ্তা কঢ়িয়াই অনাৰ লক্ষ্যৰে উঠি পৰি লগা পৰিলক্ষিত হৈছে হোজাইৰ লংকাৰ নাহৰ সমন্নয় গোষ্ঠীক । নাহৰ সমন্নয় গোষ্ঠীৰ উদ্যোগত বিশেষকৈ হোজাই জিলাৰ পিছপৰা জাতি জনগোষ্ঠীক একেখন মঞ্চতেই জাতি-বৰ্ণ নিৰ্বিশেষে আগুৱাই নিয়াৰ পৰিকল্পনা কৰিছে লংকাৰ নাহৰ সমন্নয় গোষ্ঠীয়ে । শংকৰ আজানৰ নীতিৰে সকলো জনগোষ্ঠীৰ লোকক একেডাল ডোলেৰে বান্ধ খোৱাৰ লক্ষ্যৰে নাহৰ সমন্নয় গোষ্ঠীৰ ব্যবস্থাপনাত হোজাই জিলাৰ ডালু, কাৰ্বি, মিচিং, ডিমাছা, হাজং, তিৱা জনগোষ্ঠীৰ যুৱক-যুৱতীসকলক বিনামূলীয়াকৈ শিকোৱা হৈছে শংকৰী কলা কৃষ্টিকে ধৰি বিভিন্ন ধৰণৰ নৃত্য কলা । নাহৰ সমন্নয় গোষ্ঠীৰ সভাপতি ৰাজু গোস্বামীৰ নেতৃত্বত লোৱা হৈছে এই বিশেষ পদক্ষেপ ।