চকুৰ পৰাচতে পানীত জাহ গ'ল এটা পৰিয়ালৰ আশ্ৰয়স্থল

By

Published : Jul 1, 2020, 9:02 PM IST

thumbnail
চকুৰ পৰাচতে বাঢ়নী পানীত বিলীন হ'ল এটা বাসগৃহ ৷ এই ঘটনা সংঘটিত হৈছে বোকাখাট সমষ্টিৰ নুমলীগড়ৰ কাষৰীয়া বামুণগাঁৱত ৷ সমষ্টিটোৰ বিস্তৰ অঞ্চলত বানৰ সমান্তৰালকৈ বিধ্বসী ৰূপ ধাৰণ কৰিছে ধনশিৰি নৈৰ খহনীয়াই ৷ এই খহনীয়াতে জাহ গ'ল এটা পৰিয়ালৰ আশ্ৰয়স্থল ৷ উপায়ন্তৰ হৈ ৰ'ল পৰিয়ালটো ৷ মাথো চেষ্টা কৰিছে অৱশিষ্ট সামগ্ৰী ৰক্ষাৰ বাবে ৷ উল্লেখ্য যে, এই বৃহত্তৰ অঞ্চলৰ লোকে দীৰ্ঘদিন ধৰি দুৰ্ভোগ ভুগি আহিবলগীয়া হৈছে বান আৰু খহনীয়াত ৷ ইতিমধ্যেই বহু লোক সৰ্বস্বান্ত হৈছে এই বিধ্বসী বান-খহনীয়াত ৷ কিন্তু অভিযোগ অনুসৰি বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ আবেদন কৰাৰ পিচতো, আজিলৈকে জন প্ৰতিনিধি কিম্বা বিভাগীয় কৰ্তৃপক্ষই খবৰ নল'লে তেওঁলোকৰ ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.