ৱাশ্বিংটনঃ আমেৰিকা যুক্তৰাষ্ট্ৰত এক ভয়াৱহ বিমান দুৰ্ঘটনা ৷ বুধবাৰে ৱাশ্বিংটনৰ ওচৰৰ ৰোনাল্ড ৰেগান ৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণৰ সময়ত যাত্ৰীবাহী বিমান আৰু সেনাৰ হেলিকপ্টাৰৰ সংঘৰ্ষ ৷ যাৰ ফলত ওচৰৰ পোটোমাক নদীত ভাঙি পৰে ৬০ জন যাত্ৰী আৰু চাৰিজন ক্ৰু মেম্বাৰ কঢ়িওৱা জেট বিমানখন ৷ কেবাজনো লোক নিহত হোৱাৰ আশংকা কৰা হৈছে ৷ ইতিমধ্যে আৰম্ভ হৈছে উদ্ধাৰ কাৰ্য ৷ বিমানবন্দৰৰ পৰা সকলো বিমানৰ উৰণ আৰু অৱতৰণ বাতিল কৰা হৈছে ৷
ভাৰতীয় সময়মতে বৃহস্পতিবাৰে ৰাতিপুৱা ৰেগান ৰাষ্ট্ৰীয় বিমানবন্দৰৰ ওচৰত সেনাৰ ব্লেকহক হেলিকপ্টাৰৰ সৈতে সংঘৰ্ষ হয় আমেৰিকান এয়াৰলাইনছৰ এখন যাত্ৰীবাহী বিমানৰ। এই পৰ্যন্ত হতাহতৰ সংখ্যা সম্পৰ্কে সঠিক তথ্য পোৱা হোৱা নাই যদিও কেবাজনো লোক নিহত হোৱাৰ আশংকা কৰা হৈছে ৷
আমেৰিকান এয়াৰলাইনছে এক বিবৃতিত কয়, "উইচিটা, কানছাছৰ (আইচিটি) পৰা ৱাশ্বিংটন, ডিচি (ডিচিএ)লৈ যোৱা আমেৰিকান ঈগল ফ্লাইট ৫৩৪২ ডিচিএত এটা দুৰ্ঘটনাত পতিত হৈছে। বিমানখনত ৬০ জন যাত্ৰী আৰু চাৰিজন কৰ্মচাৰী আছিল।"
দেশখনৰ ফেডাৰেল এভিয়েশ্যন এডমিনিষ্ট্ৰেশ্যনে জনায় যে স্থানীয় সময় অনুসৰি নিশা প্ৰায় ৯ বজাত, কানছাছৰ উইচিটাৰ পৰা যাত্ৰা কৰা এখন বিমান ৰানৱেৰ দিশে আহি থকাৰ সময়ত এখন সামৰিক ব্লেকহক হেলিকপ্টাৰৰ সৈতে সংঘৰ্ষত পতিত হয়।
বিমানখনৰ ৰেডিঅ' ট্ৰেন্সপণ্ডাৰৰ তথ্য অনুসৰি ৰেগান ৰাষ্ট্ৰীয় বিমানবন্দৰৰ লৈ গৈ থকা আমেৰিকান এয়াৰলাইনছৰ ফ্লাইট 5342 প্ৰায় 400 ফুট উচ্চতাত আৰু প্ৰতি ঘণ্টাত প্ৰায় 140 মাইল বেগত আছিল যেতিয়া ই পোটোমাক নদীৰ ওপৰত দ্ৰুত গতিত নিজৰ উচ্চতা হেৰুৱায় ৷ বোম্বাৰ্ডিয়াৰ চিআৰজে-701 টুইন-ইঞ্জিন জেটটো 2004 চনত কানাডাত নিৰ্মাণ কৰা হৈছিল ।
ঘটনা সন্দৰ্ভত মাৰ্কিন ৰাষ্ট্ৰপতি ড‘নাল্ড ট্ৰাম্পে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে, “মই এই ভয়ংকৰ বিমান দুৰ্ঘটনাৰ বিষয়ে গম পাইছো ৷ "লগতে তেওঁ যাত্ৰীসকলৰ সন্দৰ্ভত কয়, "ঈশ্বৰে তেওঁলোকৰ আত্মাৰ মংগল কৰক।"
উল্লেখ্য যে ৰোনাল্ড ৰেগান ৰাষ্ট্ৰীয় বিমানবন্দৰ হৈছে পৃথিৱীৰ আটাইতকৈ কঠোৰভাৱে নিয়ন্ত্ৰিত আৰু নিৰীক্ষণ কৰা আকাশসীমাৰ অন্যতম । এই বিমানবন্দৰটো হোৱাইট হাউচ আৰু কেপিটলৰ পৰা মাত্ৰ তিনি মাইল দক্ষিণত অৱস্থিত।
সবিশেষ আগলৈ….
(সংবাদ সংস্থা এপিৰ ইনপুটৰ সহায়ত)
লগতে পঢ়ক: যাত্ৰীবাহী বিমান দুৰ্ঘটনাগ্ৰস্ত; ১৮১ৰ ভিতৰত ১৭৯ জনৰে মৃত্যুৰ আশংকা - PLANE CRASHES IN SOUTH KOREA