তিনিচুকীয়া : তিনিচুকীয়া জিলাত আলফা স্বাধীনৰ নামত ব্যৱসায়ীসকলক ধনদাবী কৰাটো কোনো নতুন কথা নহয় । ধাৰাবাহিকভাৱে জিলাখনৰ বিভিন্ন প্ৰান্তত ধনদাবীৰ ঘটনাৰ লগতে আৰক্ষীৰ ওচৰতো দাখিল হৈছে বহু এজাহাৰ । তাৰ সমান্তৰালভাৱে একাংশই আলফা স্বাধীনৰ নামত ধনদাবী কৰিও চলাই আহিছে সন্ত্ৰাস । তেনেদৰেই আলফা স্বাধীনৰ নামত ধনদাবী কৰি সেনা-আৰক্ষীৰ জালত পৰিল এজন আত্মসমৰ্পণকাৰী আলফা স্বাধীনৰ কেডাৰ ।
- ধনদাবী গোচৰত গ্ৰেপ্তাৰ প্ৰাক্তন আলফা কেডাৰ
ভাৰতীয় সেনা বাহিনী আৰু পেঙেৰী আৰক্ষীৰ বিশেষ অভিযানত বুধবাৰে গ্ৰেপ্তাৰ হয় আত্মসমৰ্পণকাৰী আলফা স্বাধীনৰ কেডাৰ সুৰজিৎ মৰাণ ওৰফে কলীয়া । কলীয়াৰ ঘৰ পেঙেৰী আৰক্ষী থানাৰ অন্তৰ্গত নলনি গাঁৱত । তিনিচুকীয়া জিলাখনৰ বিভিন্ন ঠাইত ব্যৱসায়ীসকলক আলফা স্বাধীনৰ নামত ধনদাবী কৰি আহিছিল কলীয়াই । পেঙেৰী আৰক্ষীয়ে ইতিমধ্যে স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে সুৰজিৎ মৰাণ ওৰফে কলীয়া নামৰ আত্মসমৰ্পণকাৰী আলফা কেডাৰজনক ।
পেঙেৰী আৰক্ষীয়ে জানিবলৈ দিয়া মতে এমাহ পূৰ্বে পেঙেৰী নলনিৰ এগৰাকী চাহ ব্যৱসায়ীক ধনদাবী কৰিছিল সুৰজিৎ মৰাণ ওৰফে কলীয়াই । চাহ ব্যৱসায়ীগৰাকীৰ এজাহাৰৰ ভিত্তিত বিগত বৰ্ষৰ ২ ডিচেম্বৰত পেঙেৰী আৰক্ষীয়ে ধনদাবীৰ লগত জড়িত কাকপথাৰৰ মিণ্টু মৰাণক আটক কৰিছিল ।
মিন্টু মৰাণক আটক কৰি সোধা-পোছাৰ অন্তত উক্ত ঘটনাৰ সৈতে জড়িত থকা সুৰজিৎ মৰাণ ওৰফে কলীয়াৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান অব্যাহত ৰাখে । কিন্তু মিন্টু মৰাণক আটক কৰাৰ পাছতে কলীয়াই আত্মগোপন কৰে । অৱশ্যে বুধবাৰে আৰক্ষীয়ে কলীয়াক আটক কৰিবলৈ সক্ষম হ'ল ।
উক্ত ধনদাবী ঘটনাৰ সৈতে জড়িত সুৰজিৎ মৰাণ ওৰফে কলীয়াক ইয়াৰ পূৰ্বেও ধনদাবীৰ লগতে বিভিন্ন অপৰাধমূলক কাৰ্যৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল । সমান্তৰালকৈ তেনে কিছু ঘটনা সংঘটিত কৰি দীঘলীয়া সময় বহিঃৰাজ্যত পলায়ন কৰি থকাৰো অভিযোগ উত্থাপন হৈছে আত্মসমৰ্পণকাৰী আলফা স্বাধীনৰ কেডাৰ সুৰজিৎ মৰাণ ওৰফে কলীয়াৰ বিৰুদ্ধে ।