গুৱাহাটী : ২০২৪ বৰ্ষত ‘পিশাচ’ শীৰ্ষক এখন ছবিয়ে বহুলভাৱে চৰ্চা লাভ কৰিছিল ৷ অসমীয়া ছবি ‘পিশাচ’ৰ মুক্তিয়ে অসমীয়া ছবি জগতত এটা নতুন আৰু ব্যতিক্ৰমী কনচেপ্টৰ ঢৌ তুলিছিল । নিৰ্মাতাই দাবী কৰা অনুসৰি এইখন আছিল অসমীয়া ভাষাত নিৰ্মাণ কৰা প্ৰথমখন ডাৰ্ক মুভী ৷
আমাৰ প্ৰত্যেকৰে জীৱনত ঘটা কিছুমান ঘটনাই আমাক কোনটো পৰ্যায়লৈ লৈ যাব পাৰে সেয়া আমাৰ কল্পনাৰো অগোচৰ । জীৱনত ঘটা কিছু অবাঞ্চিত ঘটনাৰ বাবে এগৰাকী ব্যক্তিক মানুহৰ পৰা পিশাচ হ’বলৈ প্ৰয়োজন হয় মাথো কেই ছেকেণ্ডৰ ৷ তাৰ পিচতে সলনি হৈ পৰে সকলো ৷ এনে এক ঘটনাৰ আধাৰতে নিৰ্মাণ কৰা হৈছিল এখন অসমীয়া ছবি ‘পিশাচ’ ৷
এই ছবিখন এটা কঠোৰ বিষয়বস্তু লৈ নিৰ্মাণ কৰা হৈছে ৷ যিসকলে ডাৰ্ক মুভী চাই ভাল পাই তেওঁলোকে ছবিখন নিশ্চয়কৈ উপভোগ কৰিব ৷ মানুহৰ পৰা পিশাচ হোৱালৈ যাত্ৰা কেনে হ’ব পাৰে সেয়া আমি অনুমান কৰিবও নোৱাৰো, অনুভৱ কৰাটো দূৰৰে কথা ৷
ছবি এনে এক মাধ্যম, যিয়ে দৰ্শকৰ মনত দকৈ সাঁচ বহুৱাই ৷ পিশাচ ছবিখনত এনে বহুতো দৃশ্য আছে, যি দুৰ্বল হৃদয়ৰ মানুহে চোৱাতো কষ্টকৰ হ’ব পাৰে ৷ বহু তাৰকাই আনকি অসমত এনে ধৰণৰ চিনেমা নিৰ্মাণ হ’ব বুলি কল্পনাই কৰা নাছিল বুলিও মন্তব্য কৰিছিল ৷
ফায়াৰফ্লাই ফিল্মছৰ বেনাৰত নিৰ্মাণ কৰা এই ছবিখনে প্ৰতিগৰাকী চলচ্চিত্ৰপ্ৰেমীৰ মাজত সঁহাৰি লাভ কৰাৰ পাছত এতিয়া মুক্তি লাভ কৰিব হিন্দী ভাষাত । ছবিখনৰ ট্ৰেইলাৰটোৱে মুক্তিৰ পিছতে ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল । ছবিখনৰ সহঃপৰিচালক মৃণাল ডেকাই জনোৱা অনুসৰি ইতিমধ্যে সমাপন হৈছে ছবিখনৰ ডাবিঙৰ কাম ।
মঞ্জিল তালুকদাৰৰ নেতৃত্বত মুম্বাইত সম্পন্ন হৈছে ছবিখনৰ ডাবিঙৰ কাম । দৰ্শকৰ সুবিধাৰ্থে ছবিখন অ’টিটি প্লেটফৰ্মতো মুকলি কৰি দিয়াৰ মানস কৰিছে নিৰ্মাতাগোষ্ঠীয়ে । আগন্তুক দুই-তিনি মাহৰ ভিতৰত অ’টিটি প্লেটফৰ্মত দৰ্শকে উপভোগ কৰিব পাৰিব ছবিখন ।
আনহাতে ‘পিশাচ’ ছবিখনে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ কেইবাখনো ছবি সমাৰোহত মনোনয়ন লাভ কৰিবলৈ সক্ষম হৈছে । ফায়াৰফ্লাই ফিল্মছৰ বেনাৰত নিৰ্মাণ কৰা এই অসমীয়া ছবিখনৰ কাহিনী আৰু পৰিচালনা অমিতাভ ৰাগৰ । আনহাতে ছবিখনৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰিছে নিৰুপম শইকীয়া, জেনেট বে’, অচিন্ত্য ৰাজ কাশ্যপ, শশাংক সমীৰ, চিমি ৰিয়ান, ত্ৰিৱেণী গগৈ, মিন্টু বৰুৱা আদিকে ধৰি বহু ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে ।
বৰ্তমান সমাজত ঘটি থকা এটা বাস্তৱধৰ্মী ৰোমাণ্টিক কাহিনী আৰু প্ৰেমত সৃষ্টি হোৱা খেলিমেলিয়ে লোৱা ভয়ংকৰ ৰূপক লৈ নিৰ্মাণ কৰা হৈছে ছবিখন । ছবিখনৰ শীৰ্ষ গীতটিত কণ্ঠদান কৰিছে জনপ্ৰিয় কন্ঠশিল্পী দিক্ষুৱে ৷ গীতটি বহ্নিমানৰ আৰু নেপথ্য গীত পৰাগ প্ৰীয়ম নাথৰ । ছবিখনৰ ডি অ’ পি পাপু ডেকাৰ, সম্পাদনা হাৰ্দিক কাশ্যপৰ ৷
ছবিখনৰ কালাৰ মিক্সিঙৰ কাম কৰিছে ৰতন শীল শৰ্মাই ৷ চাউণ্ড ডিজাইন কৰিছে কিংশুক মৰাণে ৷ পোষ্টাৰ ডিজাইন টাচিন মুনটাকিনৰ, কলা নিৰ্দেশক ভূষণ আৰু নাৰায়ণ ৷
লগতে পঢ়ক : যুৱ পৰিচালক তনুজ নাথৰ পৰিচালনাত তপন দাস এইবাৰ অশ্বত্থামা ৰূপত