ধুবুৰীত অসম নাট্য সন্মিলনৰ ৬৩ তম প্ৰতিষ্ঠা দিৱস উদযাপন - নাট্য সন্মিলনৰ ন্যাসৰ পুঁজিক লৈ আলোচনা

🎬 Watch Now: Feature Video

thumbnail

By

Published : Sep 28, 2021, 6:01 PM IST

দিনযোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে মঙলবাৰে ধুবুৰীত অসম নাট্য সন্মিলনৰ 63 সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় ৷ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে নাট্য সন্মিলনৰ সভাপতি কুমাৰ দীপক দাসে ৷ ধুবুৰী সাহিত্য সভা ভৱনত অনুষ্ঠিত হোৱা প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী অনুসৰি পুৱা 9 বজাত পতাকা উত্তোলন কৰা হয় ৷ ইয়াৰে পিছতেই স্মৃতি তৰ্পন কৰে কাৰ্যকৰী সভাপতি দিলীপ চন্দ্ৰ বৰাই ৷ পুৱা 10 বজাত সভাপতি কুমাৰ দীপক দাসৰ সভাপতিত্বত অনুষ্ঠিত হয় মুকলি সভা ৷ অসম নাট্য সন্মিলনৰ ন্যাসৰ পুঁজিক লৈ আলোচনা কৰাৰ লগতে যি সকল শিল্পীয়ে আজীৱন শিল্প সাধনা কৰি আহিছে সেই সকলক আৰ্থিক সহায় কৰাৰ লগতে স্বীকৃতি দিয়াৰ বাবে অসম নাট্য সন্মিলনে ব্যৱস্থা গ্ৰহণ কৰিব বুলি উল্লেখ কৰে সভাপতি কুমাৰ দীপক দাসে ৷ ইপিনে ক'ভিড মহামাৰীৰ সময়তে আৰ্থিকভাৱে ক্ষতিগ্ৰস্ত শিল্পীক চৰকাৰীভাৱে সহায়ৰ আহ্বান জনায় ৷ লগতে সাংস্কৃতিক জগত খনক লৈ আন কেইবাটাও দিশত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়োৱাৰ বিপৰীতে মুকলি সভাত কেইবাটাও দিশত গুৰুত্ব সহকাৰে আলোচনা কৰা হ'ব বুলি মন্তব্য কৰে সভাপতি কুমাৰ দীপক দাসে ৷ মুকলি সভাত সন্মিলনৰ ফালৰ পৰা ৰীতা মিত্ৰ, নিৰ্মলেন্দু সেনগুপ্ত, শশী মোহন ৰায় আৰু বোৰহান উদ্দিন আহমেদক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷ উক্ত উনুষ্ঠানত মুখ্য অতিথি হিচাপে অসম নাট্য সন্মিলনৰ সভাপতি কুমাৰ দীপক দাসৰ লগতে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসম নাট্য সন্মিলনৰ কাৰ্যকৰী সভাপতি দিলীপ চন্দ্ৰ বৰা আৰু বিশিষ্ট অভিনেতা ক্ৰমে উপকূল বৰদলৈ, অৰূপ বৰঠাকুৰ আৰু সিদ্ধাৰ্থ মুখাৰ্জী ৷ আনহাতে নাট্য সন্মিলনৰ প্ৰতিষ্ঠা দিৱসত ধুবুৰী শাখা সাহিত্য সভাৰ সভাপতি সম্পাদকৰ লগতে বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.