ৰঙাপৰা সমষ্টিত 1 বজালৈকে সম্পন্ন হ'ল 58.7 শতাংশ ভোটদান - ৰঙাপৰা বিধানসভা নিৰ্বাচন 2019
🎬 Watch Now: Feature Video

তেজপুৰ, 21 অক্টোবৰ : 74 নং ৰঙাপৰা সমষ্টিৰ মুঠ 8 খন চাহ বাগিচাৰ অন্তৰ্ভূক্ত সকলো ভোট গ্ৰহণ কেন্দ্ৰতে বৰ্তমানলৈকে শান্তিপূৰ্ণ ভাৱে ভোট গ্ৰহণ চলি আছে ৷ মুঠ 1,54,595 জন ভোটাৰৰ বাবে 197 টা ভোট গ্ৰহণ কেন্দ্ৰত ভোট গ্ৰহণ চলি আছে ৷ দিনৰ 1 বজালৈকে ভোটাৰ হাৰ 58.7 শতাংশ বুলি জিলা নিৰ্বাচনী বিষয়াই জানিবলৈ দিছে ৷
চাহ বাগিচা অঞ্চলত প্ৰায় সংখ্যক লোকে ভোটদান কৰিবলৈ অহা পৰিলক্ষিত হৈছে । উল্লেখ্য যে, ৰঙাপৰা সমষ্টিত পল্লৱ লোচন দাস বিধায়ক হিচাপে আছিল যদিও যোৱা মে' মাহত লোকসভা নিৰ্বাচনত সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পাচত এই আসন খালি হৈ পৰিছিল ।