বানৰ কবলত কাজিৰঙাৰ ৮০ টা বন শিবিৰ - হাই লেণ্ডত আশ্ৰয়

🎬 Watch Now: Feature Video

thumbnail

By

Published : Aug 30, 2021, 5:56 PM IST

জলমগ্ন হৈ পৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান(Kaziranga National Park) । কাজিৰঙাৰ অগৰাতলী বনাঞ্চলৰ ২৮ টা বন শিবিৰ বান(Flood)ৰ কবলত । কাজিৰঙাৰ মুঠ ১৫৫টা বন শিবিৰৰ ভিতৰত ৮০টা বন শিবিৰ প্লাৱিত । হাই লেণ্ডত আশ্ৰয় লৈছে জন্তুবোৰে । আনহাতে, ৰাষ্ট্ৰীয় উদ্যানখনৰ পাৰ্শ্বৱৰ্তী বহু গাঁও বানৰ কবলত পৰিছে । তামুলীপথাৰত নতুনকৈ নিৰ্মাণ কৰি থকা মথাউৰি সংলগ্ন শ্লুইছ গেটেৰে অঞ্চলটোৰ গাঁওসমূহলৈ পানী সোমাইছে । ইফালে, জাপৰিপথাৰ অঞ্চলৰ মথাউৰিটোৰ ওপৰত থকা শ্লুইছ গেটৰ কিছু অংশ বাঢ়নি পানীয়ে উটুৱাই নিয়াৰ ফলত জলমগ্ন হৈছে গাওঁবোৰ । মথাউৰিটোৰ ওপৰেৰ বাগৰিছে পানী । বাসগৃহ, পথ সকলোতে মাথোঁ পানী আৰু পানী । প্ৰলয়ংকাৰী বানত সৰ্বস্বান্ত হ'ব বুলি শংকিত হৈ পৰিছে স্থানীয় ৰাইজ ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.