মঙলদৈৰ জ্ঞান বিকাশ একাডেমীৰ 22 গৰাকী শিক্ষাৰ্থী ক’ভিডত আক্ৰান্ত - ক’ভিড
🎬 Watch Now: Feature Video
মঙলদৈ চহৰস্থিত জ্ঞান বিকাশ একাডেমী(Gyan Vikas Academy) নামৰ শিক্ষানুষ্ঠানত 22 গৰাকী শিক্ষাৰ্থী আক্ৰান্ত হৈ ক’ভিড(Covid)ত ৷ এই ঘটনাৰ পাচতে দৰং জিলা প্ৰশাসন(Darrang District Administration)য়ে তাৎক্ষণিকভাৱে বলৱৎ হোৱাকৈ 7 দিন শিক্ষানুষ্ঠানখন বন্ধ ৰখাৰ নিৰ্দেশনা জাৰি কৰে ৷ কণ্টেক্ট ট্ৰেচিঙৰ উদ্দেশ্যে জিলা স্বাস্থ্য সেৱা বিভাগৰ কৰ্মচাৰীসকলে শিক্ষানুষ্ঠানখনত উপস্থিত হৈ শিক্ষাৰ্থীসকলক ৰেপিড এণ্টিজেন টেষ্ট কৰোৱাৰ সময়তে শিক্ষাৰ্থীকেইগৰাকীৰ দেহত ধৰা পৰে ক’ভিডৰ পৰিস্থিতি ৷ ক’ভিড সংক্ৰমণৰ মাত্ৰা কিছু পৰিমাণে হ্ৰাস পোৱাৰ পাচতে ৰাজ্য চৰকাৰে বিদ্যালয়-মহাবিদ্যালয়সমূহ পুনৰ খোলাৰ নিৰ্দেশ দিয়ে ৷ সেই অনুসৰি, ৰাজ্যৰ বিদ্যালয়-মহাবিদ্যালয়সমূহত পুনৰ পাঠদান আৰম্ভ হয় ৷ কিন্তু ইয়াৰ মাজতো নিজ সন্তানক বিদ্যালয়লৈ পঠোৱাৰ ক্ষেত্ৰত শংকিত হৈ পৰিছে অভিভাৱকসকল ৷