কৰ’ণাৰ ত্ৰাসৰ মাজতে মুক্তি পালে নতুন অসমীয়া চলচ্চিত্ৰ "দেউতা" - অসমৰ সাংস্কৃতিক জগত

🎬 Watch Now: Feature Video

thumbnail

By

Published : May 1, 2021, 12:02 PM IST

গুৱাহাটী জ্যোতি চিত্ৰবনত শুকুৰবাৰে অসমীয়া চলচ্চিত্ৰ 'দেউতা'ৰ শুভমুক্তি দিয়া হয় । চলচ্চিত্ৰখনত অভিনয় কৰিছে পৰিচালক নিপন ধলুৱা, নীলিম নিশান্ত, চাহিল মুস্তাক আৰু ভাৰ্গৱ জে বৰুৱাই। চলচ্চিত্ৰখনত সংগীত গীত ভৰালীৰ, জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে কণ্ঠ দান কৰে শীৰ্ষ গীতটিত । গীতটিৰ কথা/সুৰ প্ৰদান কৰিছে হৃদয় চন্দনে ৷ সাংবাদিক কমল কুমাৰে আঁত ধৰা উক্ত অনুষ্ঠানত ক’ভিড প্ৰট'কল মানি চলচ্চিত্ৰখন শুভমুক্তি দিয়া হয় । NDBK Productionয়ে বিগত সময়ত অসমৰ সাংস্কৃতিক জগতলৈ বহুকেইখন চলচ্চিত্ৰ 'মি এন্ড মাই চিষ্টাৰ', 'প্ৰত্যাহ্বান', 'মৰীচিকা', 'আহি আছে' আদি উপহাৰ আগবঢ়োৱাৰ সমান্তৰালকৈ সমাজৰ বাস্তব ঘটনাৰাজিৰ ওপৰত তথ্যচিত্ৰ নিৰ্মাণ কৰি সমাজ সচেতনাৰ অন্যন্য পদক্ষেপ গ্ৰহণ কৰি আহিছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.