thumbnail

By

Published : Feb 14, 2022, 9:24 PM IST

Updated : Feb 3, 2023, 8:12 PM IST

ETV Bharat / Videos

Road accident in Bilasipara: থিতাতে নিহত এজন প্ৰাক্তন CRPF জোৱান

বিলাসীপাৰাৰ নয়াহাটৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা (Road accident in Bilasipara) । বৈদ্যুতিক খুটা কঢ়িয়াই অনা তীব্ৰ বেগী ট্ৰাকে মহতিয়াই নিলে এগৰাকী বাইক আৰোহীক । দুৰ্ঘটনাত থিতাতে নিহত হয় বাইক আৰোহীজন । নিহত ব্যক্তিজন চি আৰ পি এফৰ প্ৰাক্তন জোৱান নিলান ব্ৰহ্ম বুলি জানিব পৰা গৈছে (Retired CRPF jawan dies in road accident) । নিলান ব্ৰহ্মৰ ঘৰ কোকৰাঝাৰ জিলাৰ টিপকাইৰ ছোট বেলগুৰিত । উল্লেখ্য যে, WB-71B-2773 নম্বৰৰ ট্ৰাকখনে পিছফালৰ পৰা খুন্দা মাৰে AS 16 F 8417 নম্বৰৰ বাইকখনত ৷ যাৰ ফলত আৰোহীজন চকাৰ মাজত সোমাই পৰে (Bilasipara road accident) ৷ ইতিমধ্যে স্থানীয় ৰাইজৰ সহযোগত নয়াহাট আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয় লৈ প্ৰেৰণ কৰিছে ৷
Last Updated : Feb 3, 2023, 8:12 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.