ETV Bharat / state

বিধায়ক ভাস্কৰজ্যোতি বৰুৱাই কেঁচিখন ভাৰালৈ দিলে নেকি ? কাৰ এই তীৰ্যক প্ৰশ্ন ? - DILAPIDATED BRIDGE

জীৱনটো হাতৰ মুঠিত লৈ নৈ পাৰ হৈছে এখন গাঁৱৰ ৰাইজে । বিধায়কৰ ওপৰত ক্ষোভ ।

Dilapidated bridge creates havoc for the commuters in Titabar
লোৰ পাতিৰে নৈ পাৰ হৈছে এখন গাঁৱৰ ৰাইজে (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 4, 2025, 7:49 PM IST

যোৰহাট: অসম চৰকাৰে ঘোষণা কৰা আদৰ্শ গাঁৱৰ ৰাইজৰ বিলৈ । মৰণত শৰণ দি যাতায়ত কৰিবলগীয়া হৈছে একাংশ শিক্ষাৰ্থীয়ে । এখন নৈ আৰু নৈখনৰ ওপৰত তিনিডাল লোহাৰ পাতি । এই পাতিয়েদি বিপদসংকুলভাৱে পাৰ হৈছে ইজনৰ পিছত সিজন । কোনোৱে গৈছে বিদ্যালয়লৈ আৰু কোনোৱে ভয়ে ভয়ে লোহাৰ সাঁকোৰ ওপৰেদি পাৰ হৈ গৈছে নিজৰ কৰ্মক্ষেত্ৰলৈ । কাৰণ তেওঁলোকে উপায়হীন ।

গাঁও আছে, ৰাইজ আছে ঠিকেই, কিন্তু যাবলৈহে পথহে নাই । গাঁওবাসীৰ বাবে এই সাঁকোডালেই হৈছে বহিঃজগতৰ যোগাযোগৰ একমাত্ৰ মাধ্যম । চৰকাৰে ঘোষণা কৰা যোৰহাট জিলাৰ অন্তৰ্গত তিতাবৰৰ এখন আদৰ্শ গাঁৱৰ গাঁওবাসীৰ বিলৈ এয়া । তিতাবৰৰ নামচুঙী পঞ্চায়তৰ ধুবুনী গাঁৱৰ ৰাইজৰ দুৰ্দশাৰ প্ৰতিচ্ছবি ।

লোৰ পাতিৰে নৈ পাৰ হৈছে এখন গাঁৱৰ ৰাইজে (ETV Bharat Assam)

চৰকাৰে ঘোষণা কৰা আদৰ্শ গাঁৱত উন্মোচিত হৈছে বিকশিত অসমৰ নগ্ন ছবি । বানে বিধ্বস্ত কৰা অঞ্চল হিচাপে চিহ্নিত তিতাবৰৰ ধুবুনী গাঁৱত তিনিডাল পাতি থকা লোহাৰ সাঁকোৱেদি বছৰ বছৰ ধৰি এইদৰে মৃত্যুক হাতৰ মুঠিত ৰাখি বিপদসংকুলভাৱে অহা যোৱা কৰিছে গাঁওবাসীয়ে ।

কেৱল এতিয়া এই তিনিডাল লোহাৰ চিৰিৰ ওপৰতে তেওঁলোকৰ যাতায়ত ব্যৱস্থা নিৰ্ভৰ । কংগ্ৰেছ চৰকাৰেই কওক বিজেপি চৰকাৰেই কওক কোনো এখন চৰকাৰে গুৰুত্ব নিদিয়াৰ অভিযোগ ৰাইজৰ । ইফালে বৰ্তমানৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱাই ৰাইজৰ এনেবোৰ সমস্যাই বিচাৰি ফুৰে হেনো । কিন্তু ৰাইজৰ কাষ চপাত ব্যৰ্থ বিধায়কগৰাকী । এতিয়া বিধায়কৰ ভূমিকাত অসন্তুষ্ট ৰাইজ় ।

বিধায়ক বৰুৱাৰ ওপৰত ক্ষুব্ধ হৈ এজন স্থানীয় লোকে কয়,"ভাস্কৰজ্যোতি বৰুৱাই আমাক কৈছে এনেকুৱা কাম বিচাৰি ফুৰো, ইমান দিনে জনোৱা নাই কেলৈ ? তাৰ পিছত ৰাইজক প্ৰতিশ্ৰুতি দিলে বোলে মই ডাব কাটিমেই কাইলৈ । কেঁচিখন বিচাৰি নাপালে নেকি তেওঁ ? নে কেঁচিখন কৰ'বাত ভাৰালৈ দি দিলে ? আজি ৮ মাহ হ'ল, তেখেতে আজিলৈকে কেঁচিখনেই বিচাৰি নাপালে নেকি ?"

আন এজন স্থানীয় লোকে কয়, "প্ৰতিশ্ৰুতিৰ নামত ৰাইজক ঠগ-প্ৰৱঞ্চনা কৰি আহিছে । তাৰ উদাহৰণ লোহাৰ পাতিৰে নিৰ্মাণ কৰা এইখন দলং । আমি বিধায়ক ভাস্কৰজ্যোতি বৰুৱাক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ । পঞ্চায়তৰ প্ৰতিনিধিকো ধিক্কাৰ দিছোঁ । আগন্তুক পঞ্চায়ত নিৰ্বাচনত তেওঁলোকে তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ সাজু থাকক ।"

স্বাধীনতাৰ ৭৭ বছৰৰ পাছতো উন্নয়নৰ মুখ দেখা নাই তিতাবৰৰ ধুবুনীবাসীয়ে । দলঙৰ ওপৰৰ পৰা পৰি বহুলোক চিৰদিনৰ বাবে ঘুণীয়া হ'ব লগা হৈছে । প্ৰতিদিনে বিদ্যালয়লৈ অহা যোৱা কৰা ছাত্ৰ-ছাত্ৰীও দলঙৰ ওপৰৰ পৰা পৰি দুৰ্ঘটনাত পতিত হ'ব লগা হৈছে । অঞ্চলটোৰ ৰাইজে বহুবাৰ আবেদন-নিবেদন কৰাৰ পিছতো আজি পৰ্যন্ত দলংখন নিৰ্মাণত কোনো গুৰুত্ব নাই জনপ্ৰতিনিধি কিম্বা বিধায়কৰ ।

লগতে পঢ়ক: জৰাজীৰ্ণ বাঁহৰ দলঙেৰে ৰাইজৰ বিপদসংকুল যাত্ৰা - Poor Transportation System - POOR TRANSPORTATION SYSTEM

এয়াই নেকি উন্নয়ন ? বছৰ বছৰ ধৰি বাঁহৰ দলঙেই যাতায়তৰ সম্বল - Dilapidated bamboo bridge - DILAPIDATED BAMBOO BRIDGE

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.