ETV Bharat / state

উজনিত ভুৱা আলফাৰ দলে আৰক্ষীৰ টোপনি কাঢ়িছে - FAKE ULFA IN UPPER ASSAM

ভুৱা আলফাৰ দলে নিজে নিৰ্মাণ কৰিছে আই ই ডি । আৰক্ষীৰ দাবী ।

Naga militant outfit trains fake ULFA, fake ULFA team has built the IED itself
উজনিত ভুৱা আলফাৰ দলে টোপনি কাঢ়িছে আৰক্ষীৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 4, 2025, 8:41 PM IST

ডিব্ৰুগড়: আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক অস্ত্ৰ এৰি আলোচনাৰ মেজলৈ আহিবলৈ আহ্বান জনাই আহিছে অসম চৰকাৰে । তথাপিও ৰাজ্যৰ বিভিন্ন প্ৰান্তত আলফা স্বাধীনে চলাই থকা কাৰ্যকলাপ ৰোধ কৰিবলৈ অসম আৰক্ষীয়ে দিনে-নিশাই চেষ্টা অব্যাহত ৰখা সময়ত পোহৰলৈ আহিছে আন এক ভয়ানক খবৰ । উজনিত সহজে ধন ঘটাৰ লক্ষ্যৰে গঠন হৈছে ভুৱা আলফাৰ দল । একপ্ৰকাৰে উজনিত ভুৱা আলফাৰ দলে টোপনি কাঢ়িছে আৰক্ষীৰ ।

আলফাৰ লিংকমেন বিচাৰি আৰক্ষীয়ে জিলাই জিলাই অভিযান চলোৱাৰ সময়ত ভুৱা আলফাৰ দলে উজনিৰ ডিব্ৰুগড়, তিনিচুকীয়া চৰাইদেউ, শিৱসাগৰৰ ব্যৱসায়ীৰ পৰা ধন সংগ্ৰহ কৰিছে কোটিৰ ঘৰত । যিসমূহ ঘটনাৰ কোনো উমঘাম পোৱা নাছিল অসম আৰক্ষীয়ে । ইয়াতকৈ চিন্তাৰ বিষয়টো হ'ল নাগালেণ্ডৰ এন এছ চি এন (কে)ৰ পৰা প্ৰশিক্ষণ লৈছে ভুৱা আলফাৰ দলটোৱে । ভুৱা আলফাৰ দলে নিৰ্মাণ কৰিছে আনকি বোমা আৰু বিস্ফোৰণৰ সামগ্ৰী । শনিবাৰে এখন সংবাদমেলত এই তথ্য প্ৰকাশ কৰিছে ডিব্ৰুগড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নিৰ্মল ঘোষে ৷

উজনিত ভুৱা আলফাৰ দলে টোপনি কাঢ়িছে আৰক্ষীৰ (ETV Bharat Assam)

আৰক্ষীৰ মতে প্ৰায় ১৫ জনীয়া এই দলটোত আছে বহু দাগী অপৰাধী । বিভিন্ন ঘটনাত জেলৰ ভাত খোৱা ব্যক্তিৰে এই ভুৱা আলফাৰ দলটো গঠন হোৱা বুলি নিশ্চিত হৈছে আৰক্ষী । দুলীয়াজানৰ এটা ধন দাবী ঘটনাৰ তদন্ত আগবঢ়াই আৰক্ষীয়ে ডিব্ৰুগড়-তিনিচুকীয়াত শনিবাৰ পৰ্যন্ত আটক কৰিছে চাৰিজনক । ভুৱা আলফাৰ দলটোৰ মূল ব্যক্তি হিচাপে বিবেচিত হোৱা বিতোপণ গোঁহাই ওৰফে জয়ন্ত গগৈক দুলীয়াজানৰ হুকুতা চাৰিআলিস্থিত নতুন বাছ আস্থানৰ এটা ভাৰাঘৰৰ পৰা শুকুৰবাৰে আৰক্ষীয়ে আটক কৰে । সমগ্ৰ ঘটনাক লৈ দুলীয়াজান থানাত সংবাদমেল সম্বোধন কৰিলে ডিব্ৰুগড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নিৰ্মল ঘোষে ।

কেনেকৈ আৰক্ষীৰ জালত পৰিল ভুৱা আলফাৰ দলটো:

চাৰিজনকৈ ভুৱা আলফাৰ সদস্যক জালত পেলাবলৈ সক্ষম হোৱাৰ পাছতে দুলীয়াজান থানাত সংবাদমেল সম্বোধন কৰি ডিব্ৰুগড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নিৰ্মল ঘোষে কয়,"১ জানুৱাৰীত দুলীয়াজান থানাত এটা ধন দাবী ঘটনাৰ কেচ ৰেজিষ্টাৰ কৰা হৈছিল । এজন ব্যৱসায়ীক অজ্ঞাত চিমৰ পৰা ফোন কৰি ধন দাবী কৰিছিল । এই ঘটনাৰ তদন্ত কৰি টেঙাখাতৰ পৰা ভৰত হাজাৰী নামৰ এজনক আটক কৰো । ইয়াৰ পাছতে ভৰত হাজাৰীৰ স্বীকাৰোক্তিৰ ভিত্তিত বলীন গগৈ, বিতোপন গগৈ ওৰফে জয়ন্ত গগৈক আটক কৰো । লগতে বিতোপন গগৈৰ স্বীকাৰোক্তিৰ ভিত্তিত বিনোদ পাহাৰীয়া নামৰ আন এজনক গ্ৰেপ্তাৰ কৰো ।"

তেওঁ লগতে কয়,"বিতোপন গগৈ ওৰফে জয়ন্ত গগৈৰ পৰা এটা ১৭.৬৫ এম এম পিষ্টল আৰু এটা লাইভ এমুনেচন, ১১ টা মোবাইল ফোন, ১৪ খন চিম কাৰ্ড, নগদ ৪৯,৫০০ টকা, এটা বেটাৰী আৰু এটা আই ই ডি যিটো তেওঁ নিজে নিৰ্মাণ কৰিছিল এই সকলোবিলাক জব্দ কৰা হয় । অহা ২৬ জানুৱাৰীত এই দলটোৱে কূটাঘাত কৰাৰ পৰিকল্পনা কৰিছিল । দুলীয়াজান অইল ইণ্ডিয়াৰ ৰিগত কুটাঘাট কৰাৰ পৰিকল্পনা কৰিছিল । এই অংশটোৰ সৈতে তিনিচুকীয়া-শিৱসাগৰৰ লোক আছে ৷ সকলোকে তদন্তলৈ অনা হ'ব । আজিলৈকে চাৰিজনক আটক কৰা । এই দলটো আলফা স্বাধীনৰ সৈতে যে জড়িত তাৰ কোনো তথ্য লাভ কৰা নাই । এই কেইজন অপৰাধী । আগৰ পৰাই এইধৰণৰ কাম কৰি আহিছে ।"

লগতে পঢ়ক: ২৬ জানুৱাৰীত কূটাঘাতৰ পৰিকল্পনা কৰি আৰক্ষীৰ জালত আলফা(স্বা)ৰ লিংকমেন - ULFA SWADHIN LINKMEN

এইবাৰ বৰঘৰত সিন্ধি মৰিগাঁৱৰ চাইবাৰ অপৰাধীৰ; লুটিলে 20 কোটি - CYBER FINANCIAL CRIMES IN ASSAM

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.