ETV Bharat / state

মুখ্যমন্ত্ৰীৰ ঘোষিত কিতাপৰ বৰ্ষ, পুথিভঁৰাল বিপ্লৱক আদৰণি অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতিৰ - THE JOY OF READING BOOKS

"আজি প্ৰজন্মই গ্ৰন্থ অধ্যয়ন কৰাৰ পৰা আঁতৰি থাকি বিশেষত মোবাইলত মনোনিবেশ কৰে ৷ গ্ৰন্থমেলালৈ তেওঁলোক যায় গ্ৰন্থ চাবলৈহে, কিনিবলৈ নহয় ৷" ৰাণা গোস্বামী ৷

The joy of reading books
যোৰহাটত কিতাপ পঢ়াৰ আনন্দ শীৰ্ষক এক অন্তৰংগ আলাপ অনুষ্ঠান (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 4, 2025, 8:04 PM IST

যোৰহাট: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ২০২৫ বৰ্ষটো কিতাপৰ বৰ্ষৰূপে ঘোষণা কৰিছে আৰু ৰাজ্যিক কেবিনেটেও এই বিষয়ত এক সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ পুথিভঁৰাল বিপ্লৱ আনিবলৈ বৃহৎ পৰিমাণৰ পুঁজি অনুমোদন দিয়াৰ কথা ঘোষণা কৰিছে চৰকাৰে । মুখ্যমন্ত্ৰীৰ এই পদক্ষেপক আদৰণি জনাই শনিবাৰে যোৰহাট জিলা ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত কিতাপ পঢ়াৰ আনন্দ শীৰ্ষক এক অন্তৰংগ আলাপৰ আয়োজন কৰা হয় ।

এই অনুষ্ঠানত অংশগ্ৰহণ কৰি অসম সাহিত্য সভাৰ নৱ-নিৰ্বাচিত সভাপতি ড৹ বসন্ত কুমাৰ গোস্বামীয়ে কয়, "২০২৫ বৰ্ষক চৰকাৰে কিতাপৰ বৰ্ষ হিচাপে ঘোষণা কৰা কাৰ্য সঁচাই প্ৰশংসনীয় আৰু অসমবাসীৰ বাবে এয়া গুৰুত্বপূৰ্ণ বিষয় হিচাপে বিবেচিত হ'ব ৷ চৰকাৰৰ এই পদক্ষেপক অসম সাহিত্য সভাই পূৰ্ণ সহযোগিতা আগবঢ়াব ৷ কাৰণ পৃথিৱীৰ একমাত্ৰ অন্তৰংগ বন্ধুৱেই হ’ল গ্ৰন্থ আৰু গ্ৰন্থই মানুহৰ বিভিন্ন সমস্যাৰ অৱসান ঘটায় ৷"

যোৰহাটত কিতাপ পঢ়াৰ আনন্দ শীৰ্ষক এক অন্তৰংগ আলাপ অনুষ্ঠান (ETV Bharat Assam)

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰা এই পদক্ষেপৰ বিষয়ে পূৰ্বে কোনেও কৰা নাছিল বুলি উল্লেখ কৰি সভাপতি গোস্বামীয়ে কয়, "গ্ৰন্থ হৈছে একমাত্ৰ বন্ধু যিয়ে কাকো বিশ্বাসঘাতকতা নকৰে । " আনহাতে উক্ত অন্তৰংগ আলাপত অংশগ্ৰহণ কৰি বিজেপিৰ ৰাজ্যিক উপ-সভাপতি তথা যোৰহাটৰ প্ৰাক্তন বিধায়ক ৰাণা গোস্বামীয়ে কয়, "আজিৰ প্ৰজন্মই গ্ৰন্থ অধ্যয়ন কৰাৰ পৰা আঁতৰি থাকি বিশেষকৈ মোবাইলত মনোনিবেশ কৰে ৷ গ্ৰন্থমেলালৈ তেওঁলোক যায় গ্ৰন্থ চাবলৈহে, কিনিবলৈ নহয় ৷"

এই অন্তৰংগ আলাপ অনুষ্ঠানত অসম মহিলা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অজন্তা বৰগোঁহাই ৰাজকোঁৱৰকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক: যোৰহাট দিৱসত গ্ৰন্থদান পাত্ৰ মুকলি - Jorhat Day

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.